Breaking

তেজপুৰক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰা সৰবৰহী সমাজকৰ্মী সত্যেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান 

0 104

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সত্যেন্দ্ৰনাথ শৰ্মাৰ আজি সন্ধিয়া তেজপুৰৰ টাইমছ হাস্পতালত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।

এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু সৰবৰহী সমাজকৰ্মী হিচাপে তেজপুৰৰ বৌদ্ধিক ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় পুৰোধা হিচাপে পৰিচিত শৰ্মা বাৰ্ধক্যজনিত ৰোগত যোৱা ১৯ এপ্ৰিলৰ পৰা তেজপুৰৰ টাইমছ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও আজি সন্ধিয়া ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

তেজপুৰৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দৰংমহাবিদ্যালয়ৰ এগৰাকী আদৰ্শ শিক্ষক আৰু সুদক্ষ প্ৰশাসক হিচাপে সকলো শ্ৰেণী ৰাইজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা শৰ্মা মহাবিদ্যালয়খনৰ পৰিসংখ্যা বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক আছিল। এইগৰাকী কৃতী কলেজ শিক্ষক হিচাপে সকলো শিক্ষাৰ্থীৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হোৱা শৰ্মা ১৯৯০ চনৰ ৯ নবেম্বৰৰ পৰা ১৯৯৩ চনৰ ৩১ মাৰ্চলৈকে এগৰাকী দক্ষ অধ্যক্ষ হিচাপেও সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

এগৰাকী দায়ৱদ্ধ শিক্ষক হিচাপে নিজৰ দায়িত্ব পালনৰ লগতে অসম কলেজ শিক্ষক সন্হাৰ এগৰাকী সাধাৰণ সম্পাদক আৰু উপসভাপতি হিচাপেও সংস্হাক সবল নেতৃত্ব প্ৰদান কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক’ৰ্টৰ এগৰাকী সন্মানীয় সদস্য হিচাপেও অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই যোৱা শৰ্মা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে ১৯৯৩ চনৰ পৰা ১৯৯৭ চনলৈ জড়িত হৈ বিশ্ববিদ্যালয়খনক বিদ্যায়তনিক নেতৃত্ব প্ৰদান কৰিছিল।

তেজপুৰৰ চায়েন্স একাডেমীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু বৰ্তমানৰ শৈক্ষিক পৰিষদৰ উপদেষ্টা হিচাপে জড়িত হৈ থকাৰ লগতে তেজপুৰৰ তৰুণ অসম সংঘৰ কেবাটাও কাৰ্যকালৰ সভাপতি আৰু বৰ্তমানৰ উপদেষ্টাকে ধৰি বহু সামাজিক – শৈক্ষিক অনুষ্ঠানৰ সৈতে ঘনিষ্ঠ ভাবে জড়িত শৰ্মাই পৰিসংখ্যা বিজ্ঞানৰ কেবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰাৰ লগতে “দেশে – বিদেশে” শীৰ্ষক ভ্ৰমণ কাহিনীৰ গ্ৰন্থ, “ডেমিয়েন” শীৰ্ষক আন এখন অনুবাদমূলক গ্ৰন্থও ৰচনা কৰিছিল। ১৯৩০ চনত জন্ম গ্ৰহণ কৰা এইগৰাকী সৰবৰহী শিক্ষাবিদৰ নশ্বৰ দেহ নিশা হোৱাৰ বাবে পৰিয়ালৰ সদস্য সকলে টাইমছ হাস্পতালৰ মৰ্গতে ৰখাৰ ব্যৱস্থা কৰি কাইলৈ বহু অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলিৰ পিছত শেষকৃত্যৰ ব্যৱস্থা কৰিছে।

মৃত্যুৰ সময়ত দুজন পুত্ৰ, বোৱাৰী, নাতি নাতিনী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যোৱা শৰ্মাৰ মৃত্যুত তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশ মণি শইকীয়া, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, দৰংমহাবিদ্যালয়ৰ এলুমনি সন্থা, চায়েন্স একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, বিশিষ্ট শিক্ষাবিদ ডঃ ভুবনেশ্বৰ চহৰীয়া, ড০ স্বাধীনতা মহন্ত, পূৰ্ণেশ্বৰ নাথ, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

Leave A Reply