Breaking

নামতিত এচ.বি.আইৰ কৰ্মচাৰী, সাহিত্যিক হিৰণ্ময় বৰুৱাক শ্ৰেষ্ঠ যুৱ কবি-২০২১ বঁটা প্ৰদান

0 2,045

শিৱসাগৰ জিলাৰ নামতিৰ খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠত অনুষ্ঠিত হোৱা নাজিৰা কবি সন্মিলনৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত নামতিৰ এগৰাকী প্ৰতিভাৱান যুৱ কবি “হিৰণ্ময় বৰুৱা”ক নাজিৰা কবি সন্মিলনে “শ্ৰেষ্ঠ যুৱ কবি বটাঁ ২০২১” প্ৰদান কৰে । নামতি অঞ্চলৰ নতুন প্ৰজন্মৰ প্ৰতিভাৱান কবি হিৰণ্ময় বৰুৱাক নাজিৰা কবি সন্মিলনে শ্ৰেষ্ঠ যুৱ কবি সন্মানে বিভূষিত কৰাৰ বাবে স্থানীয় ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে । উল্লেখ যে, চিলড্ৰেন হাউচ স্কুলৰ পৰা ঐচ্ছিক অসমীয়া বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হিৰণ্ময় বৰুৱাই সৰুৰে পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰি আহিছে ৷ শৈশৱ কালৰ পৰাই বৰ্তমানলৈকে বিভিন্ন কাকত আলোচনীত লেখা প্ৰকাশ কৰি অহা হিৰণ্ময় বৰুৱা বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ চেপাঙনী শাখাত কৰ্মৰত । তেওঁৰ  কবিতা পুথি: অনুভৱৰ স্বৰলিপিয়ে ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছে ৷ বিভিন্ন সাহিত্যৰ প্ৰতিযোগিতাসমূহত তেওঁ বহু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ২০১৭ চনৰ শিৱসাগৰ গ্ৰন্থমেলাত শ্ৰেষ্ঠ কবি বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ সাহিত্য চৰ্চাৰ উপৰিও গান আৰু কুইজৰ শিতানৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত । বৰ্তমান ভাষা সাহিত্যৰ সংকটকালত নৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ নাজিৰা কবি সন্মিলনে লোৱা পদক্ষেপ আদৰণীয় ৷ উক্ত বটাঁ প্ৰদান অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতিদ্বয় প্ৰেম গগৈ, জুলিয়ানা বেগম,সদৌ অসম কবি সন্মিলনৰ সম্পাদক উজ্জল পাওগাম,শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঞি,সম্পাদক প্ৰশান্ত কুমাৰ নাথ, নাজিৰা কবি সন্মিলনৰ সভাপতি তৰুণ চন্দ্ৰ নাথ, সম্পাদক সুৰেশ ভূঞা,উপ সভাপতি আয়েশা খাতুন,নাজিৰা প্ৰেছ ক্লাৱৰ সভাপতি বুলু চেতিয়া,সম্পাদক অনুজ ৰাজখোৱা,জ্ঞানজ্যোতি বিদ্যাপীঠৰ সঞ্চালিকা দেৱযানী দীক্ষিতা গগৈকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে বিগত বৰ্ষত শ্ৰেষ্ঠ যুৱ কবিৰ বঁটা প্ৰদান কৰা হৈছিল সত্যজিৎ নাথক ৷

Leave A Reply