চিমেনচাপৰি গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ
নামত কেলেংকাৰী।
ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে
ধেমাজি জিলাৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অধীনত থকা চিমেনচাপৰি গাওঁ পঞ্চায়ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী-অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ হিতাধিকাৰী সকলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে সভা সমিতিত যিমানেই শূণ্য সহনশীলতাৰ ভাষন দিয়ক না কিয় কিন্তু একাংশ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ জনপ্ৰতিনিধি অথবা বিষয়া কৰ্মচাৰী সকলে কেৰেপেই নকৰে মুখ্যমন্ত্ৰীৰ ঘোষনাক। দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলেও সিহতীয়াকৈ পিএমএৱাই-জি গৃহৰ আঁচনিখন এতিয়া একাংশ জনপ্ৰতিনিধিৰ বাবে হৈ পৰিছে ধন ঘটাৰ আঁচনি। তেনেই দুৰ্নীতি অনিয়মৰে ভৰি পৰিছে ধেমাজিৰ চিমেনচাপৰি গাওঁ পঞ্চায়ত। অভিযোগ মতে চিমেনচাপৰি গাওঁ পঞ্চায়তৰ ৪ নং মাছখোৱা ৱাৰ্ড আৰু ৯ নং দোলাকাষৰীয়া

ৱাৰ্ডৰ সদস্য ক্ৰমে – সোনাৰাম বড়ো আৰু জিতুমণি দুৱৰা ফুকনে পিএমএৱাই-জি গৃহ দুখীয়া হিতাধিকাৰীক আবন্টনৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰা বুলি হিতাধিকাৰী সকলে সংবাদ মাধ্যমৰ আগত অভিযোগ তুলিছে। উল্লেখ্য যে প্ৰতিটো গৃহৰ বাবদ ৪/৫ হেজাৰ টকালৈ সংগ্ৰহ কৰা হৈছে । ধন নিদিলে আবাস গৃহৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰো ভয় ভাবুকি দিয়ে ক্ষমতাই মূৰত দৰা এই ৱাৰ্ড সদস্যই। পঞ্চায়ত খনৰ ৪ নং ৱাৰ্ডৰ দীপালী গগৈ, ৯ নং ৱাৰ্ডৰ ক্ৰমে – অনিতা গগৈ, গুণীন গগৈ, পদুমী চেতিয়া নামৰ হিতাধিকাৰী সকলে উখাৎপিত কৰি এই ধন সংগ্ৰহৰ কৰাৰ ভয়ংকৰ অভিযোগ। কেৱল এয়াই নহয় পিএমএৱাই-জি গৃহৰ অধীনত জব কাৰ্ডৰ যোগে হিতাধিকাৰীয়ে লাভ কৰা ২১,৭০০ টকা প্ৰদানতো বিয়াগোম দুৰ্নীতিৰ আশ্ৰয় লৈছে ৱাৰ্ড সদস্য সকলে ।

যিসময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে উৎকোচ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য নীতি অৱলম্বন কৰি আহিছে তেনে সময়তে জোনাইৰ চিমেনচাপৰি গাওঁ পঞ্চায়ত পিএমএৱাই-জি আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি অনিয়ম কৰাৰ অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। ইফালে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰা ধনৰ কিছু অংশ পঞ্চায়তখনৰ শীৰ্ষ বিষয়া পঞ্চায়ত সভাপতিৰ পকেটত সোমোৱাৰো সন্দেহ কৰিছে সচেতন ব্যক্তিয়ে। ইপিনে সাংবাদিকে বাতৰি সংগ্ৰহ কৰাৰ পাছত একাংশ দালাল ৰূপী মধ্য ভোগীয়ে বাতৰি সম্প্ৰচাৰ বন্ধ কৰিবলৈ মেনেজ কৰিবলৈ উঠি পৰি লাগিছে। কথাটো হ’ল দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভেঙুচালি কৰি দৰিদ্ৰ মুখৰ ভাত কাঢ়ি খোৱা এই সকল ঘোচখোৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ লগতে বিষয়টো স্হানীয় বিধায়ক ভুৱন পেগুৰ অস্তক্ষেপ বিছাৰিছে দুখীয়া ৰাইজে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি

