Breaking

সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

0 352

শিৱসাগৰ

 শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত কোলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি গৈছে। সতী ৰাধিকা হ’ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ। সতী ৰাধিকাই এক আলৌকিকতাৰে নিজা গুণ আৰু কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ ধৰ্মীয় সমাজখনক এক উচিত শিক্ষা দি গৈছিল। সেইগৰাকী মহিয়সী নাৰীক স্মৰণ কৰি বৃহস্পতিবাৰে সতী ৰাধিকা দিৱসত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামডাংস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰে। সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, সম্পাদক মৃদুল দাস আৰু উপসভাপতি বিদ্যুৎ দাস। উল্লেখযোগ্য যে সতী ৰাধিকা দিৱসৰ দিনা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজক নিজা বাসগৃহতে বন্তি প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিৱস পালন কৰাৰ আহ্বান জনাইছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বৃহস্পতিবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমূহ জিলা সমিতি, আঞ্চলিক সমিতি, মহকুমা সমিতি, শাখা সমিতিৰ প্ৰতিজন বিষয়ববীয়াই নিজা নিজা বাসগৃহত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰিছে। তদুপৰি সন্থাৰ আহ্বানক সঁহাৰি জনোৱা অসমৰ প্ৰতিগৰাকী ব্যক্তিলৈ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply