Breaking

নাজিৰাত ৬ মাহ বিৰতিৰ পাছত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পাঠদান আৰম্ভ

0 1,264

গেলেকী : সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো সম্পূর্ণ ৬ মাহ বিৰতিৰ পাছত আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পাঠদান৷ অৱশ্যে নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈহে পাঠদান আৰম্ভ হৈছে৷ ক’ৰনাৰ ভয়াবহতাৰ বাবে ১৫ মাৰ্চৰ পৰাই বন্ধ হৈ আছিল বিদ্যালয়সমূহ। সম্পূৰ্ণ নীতি-নিয়ম মানিহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব শিক্ষাৰ্থী। কিন্তু সকলো ছাত্ৰ-ছাত্ৰীয়ে আজিৰে পৰা বিদ্যালয় আহিব লাগিব বুলি কোনো ধৰা বন্ধা নিয়ম নাই। আনহাতে কেৱল ৫০ শতাংশ শিক্ষাৰ্থীহে শিক্ষানুষ্ঠানলৈ আহিব পাৰিব। অভিভাৱকৰ অনুমতি সাপেক্ষেহে বিদ্যালয়লৈ আহিব পাৰিব শিক্ষাৰ্থী। যিসকল শিক্ষাৰ্থী বিদ্যালয়লৈ আহিব নোৱাৰে সেইসকলে পূৰ্বৰ দৰেই অনলাইন ক্লাছৰ সুবিধা ল’ব পাৰিব। চৰকাৰী নিৰ্দেশনা মৰ্মে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে তথা দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতি আৰু শনিবাৰে কৰা হ’ব।

Leave A Reply