Breaking

প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…

0 21

আজি বিদ্যালয় আৰু কাইলৈ প্ৰতিকূল বতৰৰ বাবে বিদ্যালয়, মহাবিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।

তীব্ৰ বৰষুণৰ বাবে সকলো শিক্ষানুষ্ঠান সোমবাৰ (৬ মে’) আৰু মঙলবাৰ (৭ মে’) বন্ধ ৰখাৰ সিদ্ধান্ত বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

X ত এটা পোষ্টত মুখ্যমন্ত্রীগৰাকীয়ে কয়, “ৰাজ্যৰ বতৰৰ পৰিস্থিতিৰ বাবে অহা ৬ মে’ আৰু ৭ মে’, ২০২৪ তাৰিখে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব।বৰ্তমান বতৰৰ পৰিস্থিতিয়ে সৃষ্টি কৰা বিপদৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে কয় যে, “মই সকলোকে আপডেট হৈ থাকিবলৈ আৰু ঘৰৰ ভিতৰত সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছো। ৰাজ্য চৰকাৰে জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত হোৱাসকলক সহায় কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।”

দেওবাৰে মণিপুৰৰ কেইবাটাও অঞ্চলত শিলাবৃষ্টিৰ সৈতে হোৱা প্ৰবল বৰষুণত ঘৰ-দুৱাৰ আৰু যান-বাহনৰ ক্ষতিসাধন হয়।

সেইবাবে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত দুদিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে।

Leave A Reply