Breaking

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ অংশ গ্ৰহণ

0 64

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ এবছৰ পূৰ্তি উদযাপনৰ এক অনুষ্ঠান মঙলবাৰে গুৱহাটী বায়’টেক পাৰ্কৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই এবছৰীয়া পূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি উদ্ভাৱক আৰু উদ্যোগি সকলৰ সহায়ক হোৱাকৈ বায়’টেক পাৰ্কৰ নিধি প্ৰয়াস কেন্দ্ৰ, এৰিয়াচ চছাইটি (ARIAS Society) পুজি সাহায্যৰে স্থাপন কৰা পেকেজিং ইউনিট আনুষ্ঠানিক ভাৱে মুকলি কৰে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

তদুপৰি উক্ত অনুষ্ঠানতে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অসম বায়’টেকন’লজি কাউন্সিলৰ ৱেবচাইট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে গুৱাহাটী বায়’টেক পাৰ্কৰ এবছৰৰ সফলতাৰ বিৱৰণৰে প্ৰকাশ কৰি উলিওৱা এক পুষ্টিকাও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

অনুষ্ঠানত সপ্তম গুৱাহাটী বায়’টেক পাৰ্কৰ টেলেণ্ট চাৰ্চ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰাৰ উপৰি নতুন ইনকুবেট সকলকো সম্বৰ্ধনা জনোৱা হয়। তদুপৰি উক্ত অনুষ্ঠানতে নলবাৰী আৰু বীৰঝৰা মহাবিদ্যালয়ৰ সৈতে বায়’টেক পাৰ্কৰ ষ্টুডেন্টচ এক্সচেঞ্জ বুজাবুজিৰ চুক্তিও কৰা হয়।


অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উদ্ভাৱন আৰু উদ্যামিতা বিকাশৰ দিশত গুৱাহাটী বায়’টেক পাৰ্কে লৈ অহা ভূমিকাৰ আলোকপাতেৰে বক্তব্য প্ৰদান কৰে। তেওঁ লগতে গুৱাহাটী বায়’টেক পাৰ্কক এক চেন্টাৰ অফ্ এক্সিলেন্সলৈ ৰূপান্তৰ কৰাৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে বুলিও কয়।


কামৰূপ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী বায়’টেক পাৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদ্দুৰী, নাইপাৰ, গুৱাহাটী (NIPER, Guwahati)ৰ সঞ্চালক প্ৰফেচাৰ ইউ. এচ. এন. মুৰ্তি, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ তত্বাৱধায়ক সঞ্চালক প্ৰফেচাৰ পি. কে. আয়াৰেও বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত বহুসংখ্যক ষ্টাৰ্ট আপ, ছাত্ৰ-ছাত্ৰী, ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply