Breaking

সাগৰ সদৃশ পৰিবেশ কামপুৰৰ বিভিন্ন অঞ্চল…

0 1,085

চতুৰ্থ দিনাও অপৰিবৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি।চৌদিশে কেৱল পানী আৰু পানী। সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে এতিয়া কামপুৰৰ বিভিন্ন অঞ্চলত। ভয়াবহ হৈ পৰিছে কামপুৰৰ বানপৰিস্থিতি। কামপুৰত কপিলী,বৰপানী নদীৰ সমান্তৰালকৈ এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে  নিশাৰী নৈয়ে।নিশাৰী নৈ বানে তেতেলীসৰা গ্ৰান্টৰ প্ৰায় ১৬ খনকৈ গাঁওক প্লাবিত কৰা ফলত অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।জলমগ্ন হৈ পৰিছে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল।প্লাবিত হৈছে ইটোৰ পাছত সিটো অঞ্চল ।জলমগ্ন হৈ পৰিছে বহুকেইটা ৰাজপথ ।কপিলীৰ বানে চিঙিছে ইটোৰ পাছত সিটো মথাউৰি ।আতংকিত হৈ পৰিছে নৈ পৰীয়া জনতা। নাজল নাথল অৱস্থা হৈছে পশুধন সমূহৰ।

একাংশ বানক্ৰান্ত নিজ গৃহতে আৱদ্ধ হৈ থাকিবলগীয়া পৰিবেশো সৃষ্টি হোৱাৰ বিপৰীতে বহু বৰ্নাত্য‌ই নিজ ঘৰ দুৱাৰ এৰি এতিয়া টালি টোপোলা আৰু পশুধনক লগত লৈ ওখ স্থানলৈ ঢাপলি মেলিছে।ইপিনে নিশাৰীৰ বাঢ়নী পানী কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্তানি পথৰ ওপৰৰে  বাগৰাৰ ফলত স্থানীয় প্ৰশাসনে পথটোৰ যাতায়ত সাময়িক ভাবে বন্ধ কৰি দিছে।পানী কমিলেহে পথটো খুলি দিয়া হব বুলি জানিবলৈ দিছে।ইফালে তেতেলীসৰা গ্ৰান্টৰ বানত আক্ৰান্ত বৰ্ণাত্য‌ ৰাইজে এতিয়া আশ্ৰয় লব লগা হৈছে বিদ্যালয়ত। আশ্ৰয় লৈছে যদিও আশ্রয়স্থলীত পানী হোৱাত পুনৰ নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।গ্ৰাণ্টৰ ডেৰশৰো অধিক পৰিয়াল বানৰ কবলত। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বৰ্ণাত্যই।

জিলা প্ৰশাসনৰ ফালৰ পৰা বৰ্ণাত্য সকলক কেৱল চিৰা আৰু চেনী যোগান ধৰা হৈছে বুলি বানাক্ৰান্ত সকলে জানিবলৈ দিছে।আনহাতে বৰো ধানৰ খেতি কটাৰ সময়তে বানে খেতিপথাৰ প্লাবিত কৰি বিস্তৰ ক্ষতি সাধন কৰিছে।চকুৰ সন্মুখতে মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা বানে নষ্ট কৰাত এতিয়া কৃষক ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

Leave A Reply