Breaking

নগাঁৱত কাইলৈৰ পৰা ক’ভাক্সিনৰ দ্বিতীয় পালি

0 535

সোমবাৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে এখন সংবাদ মেলযোগে ক’ভাক্সিন প্রতিষেধক সন্দর্ভত নির্দিষ্ট তাৰিখ ঘোষণা কৰে৷ উপায়ুক্তগৰাকীয়ে প্রকাশ কৰা অনুসৰি ৰাষ্ট্রীয় স্বাস্থ্য মিছনে নগাঁৱৰ বাবে ইতিমধ্যে ১১৭০টা পালি প্রেৰণ কৰাত এইখিনি ক’ভাক্সিন প্রতিষেধক মজুত আছে৷

যোৱা ১৬ এপ্রিলৰ ভিতৰত যিসকল ব্যক্তিয়ে প্রথম পালি ক’ভাক্সিন গ্রহণ কৰিছিল তেওঁলোকে অহা ৯ জুনত নগাঁও চহৰৰ হয়বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডছন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত দ্বিতীয় পালি প্রতিষেধক গ্রহণ কৰিব পাৰিব৷ যদি প্রতিষেধক প্রদান কৰি কিছু বাচি যায় তেতিয়া ১০ জুনত ১৭ এপ্রিলত গ্রহণ কৰা ব্যক্তিয়ে ল’ব পাৰিব৷

উপায়ুক্তগৰাকীয়ে আৰু   কয় নগাঁৱৰ ৯ হাজাৰ ৬০০গৰাকী ব্যক্তিয়ে প্রথম পালি গ্রহণ কৰি দ্বিতীয় পালিৰ বাবে অপেক্ষা কৰি আছে খুব কম সময়ৰ ভিতৰতে বাকীসকলকো দ্বিতীয় পালি ক’ভাক্সিন প্রতিষেধক প্রদান কৰা হ’ব বুলি প্রকাশ কৰে৷

উল্লেখ্য যে নগাঁৱত ক’ভাক্সিনৰ দ্বিতীয় পালিক লৈ একাংশ নাগৰিকৰ মাজত অনিশ্চয়তাৰ সৃষ্টি হৈছে৷

Leave A Reply