Breaking

এমজিএনৰেগাৰ পাৰদৰ্শিতাৰ ফলাফলত নগাঁও জিলাৰ দ্বিতীয় স্থান দখল : ৰাজ্যিক পৰ্যায়ত পাখিমৰীয়া উন্নয়ন খণ্ডৰ তৃতীয় স্থান লাভ

0 1,275

নগাঁও, ২৩ ডিচেম্বৰ : ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰভুত বৰঙনি আগবঢ়োৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলৰ কৰ্ম ক্ষেত্ৰত প্ৰতিযোগিতাৰ ভাৱ আৰু উৎসাহ প্ৰদানৰ উদ্দেশ্যেৰে পঞ্চায়ত গ্ৰমোন্নয়ণ বিভাগে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা পাৰদৰ্শিতা মূলক বটাঁ প্ৰদান অনুষ্ঠানটি ভঙাগড়স্থিত জিএমচি প্ৰেক্ষাগৃহত ২১ ডিচেম্বৰত অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয় ৷ নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ  পৰিচালনাত মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মাৰ তত্বাবধানত নগাঁও জিলাই অসম ভিত্তিত এমজিএনৰেগাৰ পাৰদৰ্শিতাৰ  ফলাফলত দ্বিতীয় স্থান লাভ কৰে ৷ লগতে খন্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীৰ নেতৃত্বত নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খন্ডই তেওঁলোকৰ কাম কাজৰ বাবে উন্নয়ন খন্ড সমূহৰ ভিতৰত  অসমৰ ভিতৰতে সামগ্ৰিক ভাৱে তৃতীয় স্হান লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্যিক পৰ্যায়ত লাভ কৰা এই সফলতাই নগাঁও জিলাখনৰ লগতে পাখিমৰীয়া উন্নয়ন খন্ডৰ কৰ্মচাৰী সকলক উৎফুল্লিত কৰাৰ লগতে আগন্তুক দিনত পূন্যদমে কৰ্মক্ষেতত ব্ৰতী হ’বলৈ উৎসাহিত কৰি তুলিছে ৷ জিলাখনৰ এই সফলতাৰ বাবে ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে কৰ্মচাৰী সকললৈ শুভেচ্ছা প্ৰদান কৰিছে ৷ উল্লেখযোগ্য যে, পাখিমৰীয়া উন্নয়ন খন্ডই  তৃতীয় স্হান প্ৰাপ্ত বটাঁৰ লগতে পঞ্চাশ হাজাৰ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ  পৰা গ্ৰহন কৰে।

Leave A Reply