Breaking

চত্তীশগড়ৰ কাংকেৰত নিৰাপত্তীৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ ! মাওবাদী কমাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত…

0 16

চত্তীশগড়ৰ কাংকেৰত নিৰাপত্তীৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ । ছোতে বাঠিয়া থানা ক্ষেত্ৰৰ অন্তৰ্গত মাড় অঞ্চলত এতিয়াও গুলীয়াগুলী অব্যাহত আছে। মাওবাদী কমাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত হয়।

লগতে ১৮ জন মাওবাদীৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। মাওবাদীৰ প্ৰভাৱৰ ক্ষেত্ৰত চত্তীশগড় দ্বিতীয় স্থানত আছে।

গৃহ মন্ত্ৰালয়ৰ মতে চত্তীশগড়ৰ ১৪ খন জিলা- বলৰামপুৰ, বস্তাৰ, বিজাপুৰ, দান্তেৱাড়া, ধামতাৰী, গৰিয়াবান্দ, কাঙ্কেৰ, কোন্দেগাওঁ, মহাসমুণ্ড, নাৰায়ণপুৰ, ৰাজনন্দগাঁও, চুকমা, কবিৰধাম আৰু মুংগেলী মাওবাদী প্ৰভাৱিত।

Leave A Reply