Breaking

প্ৰধান মন্ত্ৰীৰ আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ বীজ মূলধন প্ৰদান

0 2,239

প্ৰধান মন্ত্ৰী ফৰ্মেলাইজেচন অফ ফুড প্ৰচেছিং এণ্টাৰপৰাইজৰ আঁচনিৰ অধীনত  আত্মসহায়ক গোটলৈ বীজ মূলধন প্ৰদানৰ এক অনুষ্ঠান আজি   সাপেখাতী গাওঁ পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হয় ।  এনাজৰী মণ্ডলৰ  সভানেত্ৰী ৰুবী ভূঞাৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা সভাত  অসম  ৰাজ্যিক জীৱিকা অভিযান সাপেখাতী খণ্ড পৰিচালনা শাখাৰ পৰিচালক বিপ্লৱ গগৈ আৰু খণ্ড সমন্বয়ক দেৱজিত কলিতা উপস্থিত থাকি ১২ গৰাকী গ্ৰাম্য সংগঠনৰ  সদস্যাক  ব্যক্তিগত  লোণ প্ৰদান কৰে । উক্ত অনুষ্ঠানত এনাজৰী মণ্ডলৰ সম্পাদিকা কুঞ্জ গগৈ, উপসভানেত্ৰী মনোমতী ফুকন ,হিচাপ পৰিক্ষক ৰূপজ্যোতি গগৈ জীৱিকা সখী বন্তি বৰগোঁহাইৰ  লগতে কেইবাটাও গ্রাম্য সংগঠনৰ জীৱিকা সখীৰ লগতে  কেইবাগৰাকীও সদস্যা উপস্থিত থাকে।

Leave A Reply