Breaking

ঘৰে ঘৰে লিপষ্টিক বিক্ৰী কৰা আৰচাদ ৱাৰ্চি আজি বলীউডৰ জনপ্ৰিয় অভিনেতা কেনেকৈ হ’ল জানো আহক…

0 83

 ইণ্ডাষ্ট্ৰিত এনে কিছুমান অভিনেতা আছে , যিসকলে নিজৰ কেৰিয়াৰত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি আহিছে । বলীউডত চাৰ্কিট চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা আৰচাদ ৱাৰ্চি নামৰ এই অভিনেতাজনেও এসময়ত সাংঘাতিক প্ৰত্যাহ্বান নেওচি আহিছে ।

মুন্না ভাই এম বি বি এচ নামৰ বহুল সমাদৃত হোৱা হোৱা ছবিখনত অভিনেতাজনে দুৰ্দান্ত অভিনয় কৰি সকলোৰে নয়নৰ মনি হৈ পৰিছিল । যি অভিনয়ে অভিনেতা জনক বলীউডত এজন সফল অভিনেতা ৰূপে চিনাকি দিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত বিগ বছৰ প্ৰথম চিজনতো অভিনেতাজনে আঁত ধৰা দেখা গৈছিল ।

এইজন অভিনেতাৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ছোৱাৰ জীৱন আছিল চৰম সংঘাতপূৰ্ণ। আৰচাদ ৱাৰ্চিৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১৯ এপ্ৰিলৰ ৰ এটা মুছলিম পৰিয়ালত । আমি জানো যে, বহু লোক প্ৰতিদিনেই মুম্বাইলৈ আহে জীৱনৰ গতি পথ বিচাৰি । সকলোৱেই কিন্তু নিজৰ সপোন দিঠকত ৰূপ দিব নোৱাৰে । আজি আমি যিসকল ডাঙৰ ডাঙৰ তাৰকা দেখিছোঁ ,সকলোৱেই কিন্তু বহু পৰিশ্ৰম কৰিহে এই পৰ্যায়ত উপণীত হৈছে ।

আৰচাদ ৱাৰ্চিও মাত্ৰ ১৪ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল । ইয়াৰপিছতে অভিভাৱকহীন আৰচাদৰ জীৱনৰ গতিপথ সলনি হ’বলৈ ধৰিলে । আৰম্ভ হ’ল জীৱনৰ অতিকৈ বেয়া দিন । পৰিয়াল ভৰণ-পোষণ দিবলৈ খুব কম বয়সতে কাম কৰিবলৈ আৰম্ভ কৰে । সময়ৰ আগতেই পৰিয়ালৰ গধুৰ বোজা বহন কৰিবলগীয়া আৰচাদে বহু সংগ্ৰামৰ সন্মুখীন হয় । আনকি দশম শ্ৰেণীলৈকে পঢ়ি আধাতে পঢ়াও সামৰিবলগীয়া হয় অভিনেতাজনে ।

ইয়াৰ পিছত নিজৰ ঘৰ-বাৰী এৰি মুম্বাইৰ এটা সৰু কোঠাত জীৱনৰ অন্য এক সংগ্ৰাম আৰম্ভ কৰে । পেটৰ তাড়নাত নিজকে কচমেটিক চেলছমেন হিচাপে নিয়োগ কৰি লিপষ্টিক বিক্ৰী কৰি জীৱন সংগ্ৰামত অৱতীৰ্ণ হয় । সমান্তৰালকৈ ছবিজগততো কাম বিচাৰি চেষ্টা অব্যাহত ৰাখিছিল তেওঁ ।

Leave A Reply