Breaking

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুনৰ ৰে’লসেৱা সক্ৰিয় কৰাৰ দাবীত ৰে’ল মন্ত্ৰীলৈ কে আৰ এছ এছৰ স্মাৰক-পত্ৰ প্ৰেৰণ

0 2,032

আজি কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি, ৰূপজ্যোতি দত্তৰ নেতৃত্বাধীন এটি সঁজাতি দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুনৰ ৰে’লসেৱা সক্ৰিয় কৰাৰ দাবীত লখিমপুৰ জিলা উপায়ুক্তৰ জৰিজতে ভাৰতৰ ৰে’ল মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰূপজ্যোতি দত্ত, সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, সাধাৰণ সম্পাদক নিতুল শইকীয়া স্বাক্ষৰিত স্মাৰক পত্ৰত কোৱা হয় যে-যোৱা প্ৰায় এবছৰ কাল ধৰি ক’ৰোণা মহামাৰীৰ বাবে বন্ধ হৈ থকা জীৱনৰেখা স্বৰূপ ৰে’লৰ যোগাযোগ ব্যৱস্থা ইতিপূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে পুনৰ আৰম্ভ কৰিছে। ক’ৰোনাৰ পৰিপেক্ষিত্ৰত লকডাউনৰ কেইবাটাও দফা অতিক্ৰম কৰাৰ পাছত সম্প্ৰতি চলি থকা আনলক ব্যৱস্থাৰ সময়ত অসমত স্থানীয় ৰে’লসেৱা, হস্ৰ-দৈৰ্ঘৰ ৰে’লসেৱা পুনৰ সক্ষম কৰি তোলাৰ লগতে অত্যাধিক ৰে’লভাৰা হ্ৰাস কৰি পূৰ্বৰ দৰে ৰে’লভাৰা বাহাল ৰাখি ব্যৱসায়ী তথা কৰ্মক্ষেত্ৰত নিয়োজিত কৰ্মচাৰী, সু-চিকৃৎসাৰ বাবে বিভিন্ন নগৰ- মহানগৰলৈ অহা-যোৱা কৰা ৰোগীসকল, বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী সকলখ সকাহ দিয়াটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। এখন নগৰৰ পৰা আনখন নগৰত নিয়মীয়াকৈ ব্যৱসায় তথা কৰ্তব্যত নিয়োজিত হৈ নিজ নিজ কৰ্মক্ষেত্ৰত সেৱা আগবঢ়োৱা সকলে নিতৌ স্থানীয় ৰে’লকেই ভৰসা কৰি আহিছে।দুভাগ্যৰ বিষয় যে, লক-ডাউনত ৰে’ল চলাচল সম্পূৰ্ণ বন্ধ হোৱাৰ লগে লগে গৰিষ্টসংখ্যক আৰ্থিকভাৱে দুৰ্বলশ্ৰেণীৰ লোকৰ দৈনিক আয়ৰ পথ বন্ধ হৈ পৰিল। সেয়েহে মহাৰাষ্ট্ৰত ৰে’লসেৱা পুনৰ সক্ৰিয় কৰি তোলাৰ দৰে অসমতো ৰে’ল ব্যৱস্থা পুনৰ সক্ৰিয়কৰণৰ বাবে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে স্মাৰক প্ৰত্ৰৰ জৰিয়তে ভাৰত চৰকাৰৰ ৰে’লমন্ত্ৰীলৈ দাবী জনাইছে। ৰে’ল যোগাযোগ বন্ধ হৈ পৰাৰ লগে লগে নিয়মীয়াকৈ অহাযোৱা কৰা বিভিন্ন চৰকাৰী তথা ব্যক্তিগত প্ৰতিস্থানৰ কৰ্মচাৰী, বিশেষকৈ সু-চিকৃৎসাৰ বাবে বিভিন্ন নগৰ-মহানগৰলৈ অহা-যোৱা কৰা ৰোগী সকল, বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী সকল, বিভিন্ন সামগ্ৰীলৈ নগৰ-মহানগৰত নিতৌ ক্ৰয়-বিক্ৰয় তথা দৈনন্দিন শ্ৰম কৰা সকলৰ লগতে ব্যৱসায়ৰ জৰিয়তে জীৱনধাৰণ কৰি অহা ক্ষুদ্ৰ ব্যৱসায়ীসকল আটাইতকৈ বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।  লখিমপুৰবাসীৰ লগতে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সমাজ সংগঠক ৰূপজ্যোতি দত্ত, সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ-সভাপতি হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া আৰু  সহকাৰী সম্পাদক ৰাজা দত্তই সজোৰে দাবী জনাইছে।

Leave A Reply