Breaking

অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে এতিয়া বেলেগ ৰূপত দেখা পাব

0 2,043

ৰাজ্যসভাৰ পৰা অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে বেলেগ ৰূপত দেখা পাব।বুধবাৰে তেওঁ উচ্চ সদনত কয় যে মানুহে এতিয়া তেওঁক বহু ঠাইত দেখিবলৈ সক্ষম হ’ব কিয়নো তেওঁ এতিয়া মুক্ত হৈছে।ইয়াৰ উপৰি তেওঁৰ এতিয়া সাংসদ-মন্ত্ৰী হোৱাৰ ইচ্ছা নাই আৰু দলৰ কোনো পদবীও ল’ব নিবিচাৰে বুলি মন্তব্য কৰে।বক্তব্যত তেওঁ লগতে এজন ৰাজনীতিবিদ হিচাপে নিজৰ কামকলৈ সন্তুষ্ট আৰু জীয়াই থকালৈকে জনসাধাৰণৰ সেৱা কৰি যাব বুলি কয়।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এটা সাক্ষাতত আজাদে কয়, ‘মই ১৯৭৫ চনত জম্মু আৰু কাশ্মীৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আছিলো। মই দলৰ বহুতো পদত কাম কৰিছো। মই বহুতো প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰিছো। মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে মই দেশৰ বাবে কাম কৰাৰ সুযোগ পাইছিলো’।

‘মই সুখী যে মই বিশ্বস্ততাৰে মোৰ দায়িত্ব পালন কৰিছিলো। মই দেশ আৰু বিশ্বক জানিবলৈ আৰু বুজিবলৈ সুযোগ পাইছিলো’, তেওঁ লগতে কয়।সংসদত তেওঁ লাভ কৰা প্ৰশংসা আৰু অভিনন্দনৰ বিষয়ে সোধাত তেওঁ কয়, ‘যিসকলে মোক গভীৰভাৱে বুজি পায়, তেওঁলোকে বহু বছৰ ধৰি মোৰ কাম দেখিছে আৰু সেয়ে আৱেগিক হৈ পৰিছে। মই তেওঁলোক সকলোৰে প্ৰতি কৃতজ্ঞ’।  আৰু কয় যে মই  প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু বিভিন্ন দলৰ সহকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞ যিসকলে মোক প্ৰশংসা কৰিছিল আৰু যাৰ সৈতে মই কাম কৰাৰ সুযোগ পাইছিলো।

Leave A Reply