Breaking

Covid-19ত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ বিশিষ্ট সাংবাদিক কল্যাণ বৰুৱাই

0 543

ক’ৰোনা মহামাৰীয়ে প্ৰাণ ল’লে আৰু এগৰাকী সাংবাদিকৰ । গুৰুগ্ৰামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ জেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাই । দিল্লীত বিগত ২৭বছৰ ধৰি The Assam Tribune কাকতৰ বিশেষ সংবাদদাতা হিচাপে দায়িত্ব পালন কৰি আছিল তেওঁ । এদিন পূৰ্বে Covid-19ত আক্রান্ত হৈ তেওঁৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হয় । ভট্টাচাৰ্য The Times Of India কাকতৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত হৈ আছিল । ইহ সংসাৰত তেওঁলোকে এৰি থৈ গৈছে এগৰাকী ২০বছৰীয়া কন্যা সন্তান ।

দিল্লীত প্ৰায় ২৭বছৰ জোৰা এক দীঘলীয়া পৰিক্ৰমাত কল্যাণ বৰুৱাই এক সুকীয়া স্থান দখল কৰিছিল । সমগ্ৰ দেশত আলোড়ন সৃষ্টি কৰিব পৰা বহু কেইটা Exclusive Story তেওঁৰ কলমত প্ৰকাশ পাইছিল । ইন্দ্ৰ কুমাৰ গুজৰালৰ পৰা মনমোহন সিঙলৈ প্ৰতিজন প্ৰধানমন্ত্ৰীৰ একাধিক বিদেশ ভ্রমণৰ সাক্ষী আছিল বৰুৱা । বাতৰি সংগ্রহৰ কাৰণে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সহযাত্ৰী হৈছিল তেওঁ বহুবাৰ । Press Council of Indiaৰ দুবাৰকৈ সদস্যৰ দায়িত্ব পালন কৰাৰ উপৰিও, বৰুৱা মৃত্যু পর্যন্ত Press Club of Indiaৰ নিৰ্বাচিত কাৰ্যকৰী সদস্য আছিল আৰু North East Media Forumৰ সভাপতি হৈ আছিল ।

কেৱল সাংবাদিকেই তেওঁৰ সান্নিধ্য লাভ কৰা প্রতিজন ব্যক্তিয়েই আজি শোকগ্ৰস্ত । সর্বদা মানুহক সহায় কৰাৰ মন পুহি ৰখা বৰুৱাক আজি সহস্ৰজনে স্মৰণ কৰিছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৰুৱাক স্মৰণ কৰি এক টুইটত কয় – “বৰুৱাই সংসদীয় পৰিক্ৰমাৰ বাতৰি বিশদভাৱে সংগ্ৰহ কৰিছিল; তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব ।“ The Assam Tribune কাকতে বৰুৱাৰ মৃত্যুত প্ৰতিষ্ঠানটোৱে এক শক্তিশালী স্তম্ভ হেৰুওৱা বুলি উল্লেখ কৰিছে । হিমন্ত বিশ্ব শৰ্মাই বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় – তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰখনত অতি নিষ্ঠাৰে জড়িত হৈ থাকি সেৱা আগবঢ়াইছিল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰুৱাৰ বিয়োগ সংবাদ জগতৰ কাৰণে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে ।

ম্ৰিয়মান তেওঁৰ সতীৰ্থ, বন্ধু সকলে আজিৰ দিনটোত তেওঁৰ সৈতে থকা স্মৃতিবোৰ অশ্ৰুসিক্ত নয়নৰে স্মৰণ কৰিছে । জেষ্ঠ সাংবাদিক জীয়া হকে কল্যাণ বৰুৱাক ৰোমন্থন কৰি কয় – বৰুৱা North Block আৰু South Blockত অসমৰ Window আছিল । বৰুৱাৰ উত্তৰ পূবৰ ৰাজনৈতিক পৰিক্ৰমাৰ ওপৰত দখল থকাৰ উপৰিও এক দূৰদৃষ্টি বুজা শক্তি আছিল । জেষ্ঠ সাংবাদিক ঋতুপৰ্ণ ভুঞাই কয় – বৰুৱা এক Institution আছিল; তেওঁৰ মৃত্যু সংবাদ জগতৰ কাৰণে অপূৰণীয় ক্ষতি ।

টিভি সাংবাদিক দীনেশ চৌহানে কয় – দিল্লীত অসমৰ সাংবাদিকসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়া ব্যক্তিজনেই আছিল কল্যাণ বৰুৱা । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যইও বৰুৱাৰ বিয়োগত দুখ প্ৰকাশ কৰে ।

জেষ্ঠ সাংবাদিক ৰেজাউল লস্কৰে কয় – যদি কোনোবাই সমগ্ৰ উত্তৰ পূবৰ পৰা চিকিৎসাৰ কাৰণেও দিল্লীলৈ আহি কল্যাণ বৰুৱাৰ যোগেদি সহায় লাভ কৰা লোকৰ তালিকা প্ৰস্তুত কৰে সেয়া বহু হাজাৰ লোকৰ তালিকা হ’ব । কিন্তু তেওঁক যেতিয়া সহায়ৰ প্ৰয়োজন হৈছিল আমি নিৰুপায় । তেওঁৰ বন্ধু চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে দিল্লীৰ সংবাদ মাধ্যমে উত্তৰ পূব সন্দৰ্ভত এজন ‘go-to-guy’ক হেৰুৱালে বুলি অভিহিত কৰিছে ।

বৰুৱাৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ সকলো Covid protocolৰ মাজত গুৰুগ্ৰামতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । আজিও অনুৰূপ ধৰণে বৰুৱাৰ শেষকৃত্য সম্পন্ন হ’ব ।

Leave A Reply