Breaking

ফিউচাৰ জেনেৰালি ইণ্ডিয়া ইনছিউৰেঞ্চৰ আৰু বেংক অৱ ইণ্ডিয়াৰ মাজত বেংক-এছিউৰেঞ্চ টাই-আপ

0 2,708

 ফিউচাৰ গ্ৰুপ আৰু গ্ল’বেল ইনছিউৰাৰ জেনেৰালি-ৰ জইণ্ট ভেঞ্চাৰৰ সাধাৰণ বীমা শাখা ফিউচাৰ জেনেৰালি ইণ্ডিয়া ইনছিউৰেঞ্চ ক’ম্পানী লিমিটেড (FGII) নিজৰ সাধাৰণ বীমা পণ্যসমূহক অধিক সংখ্যক গ্ৰাহকৰ ওচৰত লৈ যোৱাৰ উদ্দেশ্যত বেংক অৱ ইণ্ডিয়াৰ সৈতে বেংক-এছিউৰেঞ্চৰ সৈতে টাই-আপ কৰিছে। এই ব্যৱসায়িক সম্পৰ্ক স্থাপন হোৱাৰ পাছত FGII-এ দেশৰ 28খন ৰাজ্য তথা 8খন কেন্দ্ৰ শাসিত অঞ্চলত অৱস্থিত বেংক অৱ ইণ্ডিয়াৰ 5084খন শাখাৰ জৰিয়তে নিজৰ সৰ্বোত্তম শ্ৰেণিৰ তথা উদ্ভাৱনী মূলক বীমাৰ বিভিন্ন প্ৰকাৰৰ সমাধান আগবঢ়াব।    

FGII-ৰ ব্যৱসায়িক বৃদ্ধি কৌশলৰ অভিন্ন অংগ হৈ উঠিছে বেংক-এছিউৰেঞ্চ টাই-আপ। এই ক’ম্পানী নিজৰ পণ্য পৰিৱেশনাৰ দিশটোক অধিক মজবুত কৰিবলৈ আজিলৈকে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ সৈতে 15টা সফল ব্যৱসায়িক সম্পৰ্কত যুক্ত হৈছে।

ফিউচাৰ জেনেৰালি ইণ্ডিয়া ইনছিউৰেঞ্চৰ এমডি তথা চিইঅ’ অৰূপ ৰাউ ক’লে, “1906 চনৰপৰা বেংক অৱ ইণ্ডিয়াই ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্য লৈ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আছে। এই প্ৰতিষ্ঠান তথা ইয়াৰ গ্ৰাহকসকলৰ বাবে কাম কৰিবলৈ পোৱাটো আমাৰ বাবে এটা গৰ্বৰ বিষয়। দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰ শাসিত অঞ্চলত বেংক অৱ ইণ্ডিয়াৰ 5084খন শাখা আছে এই বেংকৰ গ্ৰাহক সংখ্যা হ’ল সাত কোটি। এই বেংকৰ শাখাসমূহৰ জৰিয়তে তেওঁলোকৰে গ্ৰাহকসকলৰ ওচৰত যোৱাৰ যি সুবিধা আমি পাইছোঁ, তাৰ বাবে আমি সঁচাকৈ বৰ আনন্দ অনুভৱ কৰি আছোঁ। আমাৰ আশা, পৰস্পৰক যুক্ত কৰিব পৰা এই সম্পৰ্ক সুদীৰ্ঘ দিনলৈ অটুট থাকিব।”

Leave A Reply