Breaking

জ্যেষ্ঠ সাংবাদিক ৰমণী বৰ্মনলৈ “মিডিয়া ট্ৰাষ্ট, অসম”ৰ কাৰ্যবাহী ন্যাসৰক্ষী পদ

0 1,539

নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক, নিৱন্ধকাৰ তথা পশ্চিম চামতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক ৰমণী বৰ্মনক “মিডিয়া ট্ৰাষ্ট, অসম”ৰ কাৰ্যবাহী ন্যাসৰক্ষী হিচাপে নিৰ্বাচিত কৰাত নলবাৰীৰ বৌদ্ধিক মহলে সন্তোষ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, কালি “মিডিয়া ট্ৰাষ্ট, অসম”ৰ সভাকক্ষত প্ৰশান্তজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ নলবাৰী জিলা সদৰৰপৰা সুদীৰ্ঘকাল ধৰি “দৈনিক অসম”, “নতুন দৈনিক”, “আমাৰ অসম” আদি আগশাৰীৰ বাতৰি কাকতত সংবাদসেৱা কৰি অহা ৰমণী বৰ্মনে নলবাৰী জিলা সাংবাদিক সন্থা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আদি অনুষ্ঠানৰো অন্যতম প্ৰতিষ্ঠাপক আছিল ৷ প্ৰায় কুৰি বছৰ ধৰি পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতিৰ পদ অলংকৃত কৰা বৰ্মনে বৰ্তমান নলবাৰী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷ পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কৃতী শিক্ষকৰ ৰাজ্যিক বঁটাপ্ৰাপক ৰমণী বৰ্মন নলবাৰীৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জৰিত হৈ আছে ৷ “মিডিয়া ট্ৰাষ্ট,অসম”য়ে তেখেতক ট্ৰাষ্টৰ কাৰ্যাহী ন্যাসৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাত নলবাৰী জিলা সাংবাদিক সন্থা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আদি অনুষ্ঠানে গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে নৱ-নিযুক্ত বৰ্মনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Leave A Reply