Breaking

বাঘবৰৰ মাজৰচৰত অপহৰণ কাণ্ডক লৈ চাঞ্চল্য …

0 47

বাঘবৰৰ মাজৰচৰত অপহৰণ কাণ্ডক লৈ চাঞ্চল্য ।তিনিজনৰ বিৰুদ্ধে আৰক্ষীত গোচৰ, আৰক্ষীৰ ভুমিকাতহে ক্ষুন্ন এজাহাৰকাৰী । উত্থাপিত অভিযোগ অনুসৰি মাজৰচৰ নিৱাসী হামেদ আলীৰ নাৱালিকা কন্যাগৰাকী মঙলবাৰে বিদ্যালয়লৈ যোৱাৰ সময়তে মাজৰচৰৰে আজিজুল হক,কছেৰ আলী আৰু ছফিকুল ইছলামে অপৰহৰণ কৰে ।

ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ লোকে নাৱালিকা গৰাকীৰ সন্ধান বিচাৰি আজিজুল হক,কছেৰ আলী,ছফিকুল ইছলামৰ লগতে তিনিও জনৰে অভিভাৱক দিলবৰ হুছাইনৰ বিৰুদ্ধে আলোপতি চৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ।আৰু তিনি দিন পাৰ হৈ যোৱাৰ পাছতো আলোপতি চৰ আৰক্ষীয়ে অভিযোগ সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰাত পৰিয়াল বৰ্গই আচাৰ্য প্ৰকাশ কৰিছে ।

উপায়ন্তৰ হৈ ভুক্তভোগী হামিদ আলীয়ে আলোপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ব্যক্তিগত ভাবে সাক্ষাৎ কৰিও ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় যদিও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে হামিদ আলীক অকথ্য ভাষাৰে গালি-গালাজ কৰি প্ৰভাৱশালী ব্যক্তি দিলবৰ হুছেইনৰ নামত দিয়া গোচৰ প্ৰত্যাহাৰৰ বাবে হেচা প্ৰয়োগ কৰে ।

প্ৰশ্ন হয় সাধাৰণ ৰাইজে ন্যায় পোৱাৰ আশাত যদি থানাত গৈ অকথ্য গালি-গালাজ খাব লগীয়া তেন্তে সাধাৰণ দুখীয়া লোক সকলে ন্যায় পাবলৈ কাষ চাপিব কাৰ ? উপায়ন্তৰ হৈ ভূক্তভোগী হামিদ আলীয়ে আলোপতি চৰ আৰক্ষী থানাৰ বিষয়া গৰাকীৰ দূৰ্ব্যৱহাৰ বিৰুদ্ধে তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণ কৰা আৰু নিৰুদ্দিষ্টা নাবালিকাগৰাকীক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী আৰু বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকক কাতৰ আহ্বান জনায় ।

Leave A Reply