Breaking

চাঞ্চল্যকৰ! পিতৃক ড্ৰাগছৰ বেজীৰে সংজ্ঞাহীন কৰি নিজ পুত্ৰই লুটিলে নিলে বৃহৎ পৰিমাণৰ ধন…

0 59

পিতৃক ড্ৰাগছৰ বেজীৰে সংজ্ঞাহীন কৰি নিজৰ পুত্ৰই বৃহত পৰিমাণৰ ধন লুটি লৈ যোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত।

জানিব পৰা মতে, ৩ লাখ ৫ হাজাৰ টকা লুট কৰি ঘৰৰ পৰা পলায়ন কৰিছে পুত্ৰ-বোৱাৰীয়ে।

দুদিনৰ পাছত হিতাহিত জ্ঞান ঘূৰাই পাই পিতৃয়ে চৰম পন্থা গ্ৰহণ কৰে।

চিকিৎসাৰ বাবে বেংকৰ পৰা উলিয়াই আনিছিল এই ধনখিনি।

গুৱাহাটীৰ নুনমাটিৰ বাপুজীনগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা৷ ড্ৰাগছ আসক্ত পুত্ৰ ৰাহুল আলীয়ে সংঘটিত কৰে এই ঘটনা৷ ইতিমধ্যে নুনমাটি থানাত পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে মাতৃয়ে দাখিল কৰিছে এজাহাৰ।

এই অভিযোগৰ পিছত পলাতক ৰাহুল আলীক বিচাৰি অভিযান তীব্ৰতৰ কৰি তোলা বুলি জনাইছে আৰক্ষীয়ে।

Leave A Reply