Breaking

দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন আৰু নতুন সমিটি গঠন

0 1,225

দেওমৰনৈ, ৮ ডিচেম্বৰ: দৰং জিলাৰ দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন দিনজোৰা কায্যসুচীৰে সম্পন্ন হয় ৷ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহন কৰে ৷ সাংবাদিক সন্থাৰ সভাপতি নৱজিত শৰ্মাৰ সভাপতিত্বত  মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাৰ পূৰ্বে  বিষয়বাছনি সভাত আগন্তুক কাৰ্য্যকালৰ বাবে আছাম টকছ ৰ ছিপাঝাৰৰ সাংবাদিক দুলাল হাজৰিকাক সভাপতি উপসভাপতি নিকুঞ্জ কাশ্যপ, প্ৰতিদিন কাকতৰ সাংবাদিক দিব্যজোতি শৰ্মাক সম্পাদক হিচাবে লৈ এখন সমিটি গঠন কৰে ৷ উপদেষ্টা হিচাবে ডাঃ কমলা কান্ত শৰ্মা, নবজিৎ শৰ্মা ৷ সদস্য ক্ৰমে পংকজ শৰ্মা, কৌশিক ভৰদ্বাজ, ৰত্নেশ্বৰ চহৰীয়া, সাৰংগপানি ইত্যাদি ৷ আনহাতে উক্ত সভাত ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কেে কিচু গুৰুত্বপূৰ্ন প্ৰস্তাব গ্ৰহন কৰা  বুলি নৱনিৰ্বাচিত সভাপতি দুলাল হাজৰিকাই জানিব দিয়ে ৷ উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াক দেওমৰনৈ সাংবাদিক সন্থাই মুকলি সভাত সম্বৰ্ধনাও জ্ঞাপন কৰে ৷

Leave A Reply