Breaking

চিলাপথাৰত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ চেঙাজান আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন…

0 22

অসমৰ অন্যতম হিন্দু-বাঙালী জনগোষ্ঠীৰ জাতীয় সংগঠন বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ চিলাপথাৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। চেঙাজান বজাৰত পৌৰহিতৰ মন্ত্ৰচাৰণ আয়তিৰ উৰুলিৰে এক উখল-মাখল পৰিৱেশৰ মাজত অধিৱেশন স্থলীত স্থাপন কৰা হয় লাইখুঁটা।

অহা ৮ আৰু ৯ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা অধিৱেশনত হিন্দু বাঙালী সকলৰ জলন্ত-সমস্যা ডি ভোটাৰ, ভুমি পট্টা, বিদেশী সমস্যাৰ উপৰিও জোনাই সমষ্টিৰ বানবিদস্ত চেঙাজান অঞ্চলৰ বান-গৰাখহনীয়া ওপৰত বেছি গুৰুত্ব আৰোপ কৰি মুকলি সভাত আলোচনা কৰা হব। অধিৱেশনৰ মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় দল সংগঠনক আমন্ত্ৰণ কৰা জনোৱা হ’ব। অধিৱেশনখনি সাফল্য মণ্ডিত কৰিবলৈ সকলো ৰাইজক সহযোগিতাত আগবঢ়ায় নিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে।

Leave A Reply