ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত ৭জন মাওবাদী…

ছত্তীশগড়ত নিৰাপত্তাবাহিনীৰে হোৱা এনকাউণ্টাৰত নিহত হৈছে ৭জন মাওমাদী। এই অভিযানত ৩ জন জোৱানো আহত হৈছে।আৰক্ষীৰ সূত্ৰ অনুসৰি নাৰায়ণপুৰ জিলাৰ কেইবাটাও অঞ্চলত মাওবাদীয়ে আত্মগোপন কৰাৰ খবৰ পোৱা গৈছিল। সেই খবৰৰ আধাৰতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। তালাচীৰ সময়ত মাওবাদীৰ সৈতে সংঘৰ্ষ হয়। অভিযানৰ অন্তত ৭ জন নক্সালৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মাওবাদী অধ্যুষিত ছত্তীশগড়ত বিগত কিছু দিনৰ ভিতৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত হৈছে ১২২ জন মাওবাদী।ইয়াৰ পূৰ্বে ২৩ মে’ত নাৰায়ণপুৰ আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ৭জন মাওবাদী নিহত হৈছিল। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল ৭টা আগ্নেয়াস্ত্ৰ। ইয়াৰ পূৰ্বে ৩০ এপ্ৰিলত নাৰায়ণপুৰ আৰু কাংকেৰ জিলাৰ সীমান্তত সংঘটিত হোৱা এক এনকাউণ্টাৰত তিনিগৰাকী মহিলাসহ ১০জন মাওবাদী নিহত হৈছিল। একে মাহতে কাংকেৰত ২৯ জন মাওবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল।

Related Articles