Breaking

দক্ষিণ শালমাৰা আৰক্ষীৰ তৎপৰতাত ৭ টা চোৰাং গৰু জব্দ

0 536

ক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰীত আজি পূৱা ৮ বজাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল ৰয় প্ৰধানীৰ নেতৃত্বত এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাই ৭ টাকৈ চোৰাং গৰু জব্দ কৰে৷ উক্ত গৰু কেইটা বাংলাদেশলৈ নিয়াৰ পথত জব্দ কৰা হয় বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰে৷ ইফালে আৰক্ষীয়ে জনোৱা মতে এজন সৰবৰাহকাৰীক আটক  কৰিবলৈ সক্ষম হয়৷ সৰবৰাহকাৰী জন আশ্ৰৱ আলী (২১) পিতাঃ আব্দুল গণি গাওঁঃ মাজেৰচৰ বুলি চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে পুলিচৰ জিম্মাত আছে ধৃত ব্যক্তিজন৷ বৰ্তমান লৈকে দক্ষিণ শালমাৰা আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

Leave A Reply