Breaking

ধনশ্ৰী চাহ বাগিচাত সাত বছৰীয়া কন্যাক নৃশংস হত্যা। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী আটছাৰ

0 32

ওদালগুৰি জিলাৰ মাজবাটৰ ৰাঙাপানীত এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই  ১১মাৰ্চত  মাজবাটৰ লালপানী আৰক্ষী চকীৰ অন্তৰ্গত ধনশ্ৰী চাহ বাগিছাত এগৰাকী সাত বছৰীয়া দেৱকন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলা খনতে জোকাৰি গৈছে ৷

পখিলা খেদাৰ বয়সতে এই শিশুকন্যা গৰাকী মৃত্যুক সাৱটি লোৱা ঘটনাই হৃদয়বানলোকক মৰ্মান্তিক আঘাত দিছে ৷আটছা ধনশ্ৰী উপশাখাই এই ঘটনাত জড়িত দোষীক অতিশীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰশাসনক ৷চিনাক্ত কৰা এই নিষ্পাপ দেৱ শিশু   ধনশ্ৰী চাহ বাগিছাৰ দক্ষিণ সীমান্তৰ ৫ নং মনাই গাঁওৰ মাৰকাচ মুণ্ডাৰ দুহিতা ৰীণা মুণ্ডা(৭বছৰ ) বুলি জানিব পৰা গৈছে ৷ 

যোৱা ১০ মাৰ্চৰ নিশা গাঁওখনৰ এঘৰলোকৰ ঘৰত বিয়া আৰু আন এঘৰত মৰাৰ সকামো আছিল ৷নিশা ছোৱালী জনীক মাকে বিচাৰ খোচাৰ কৰে যদিও ওচৰতে বিয়া চলি থকা বাবে বিয়াঘৰতে ছোৱালী জনী থকা বুলি ভাবি মাকগৰাকী শুই পৰে ৷১১মাৰ্চত  ৰাতিপুৱা ধনশ্ৰী চাহ বাগিছাৰ মহিলা শ্ৰমিক সকলে কাম কৰিব আহি শিশু কন্যাগৰাকীৰ মৃতদেহ দেখা পাই চিঞৰ বাখৰ কৰে ৷এনেতে লগে লগে লালপানী আৰক্ষী চকীত এই বিষয় সন্দৰ্ভত অৱগত কৰাত লালপানী আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজীৱ গোঁহাইৰ লগতে মাজবাট ৰাজহ চক্ৰৰ ৰাজহ বিষয়া উৎপল ডেকা ঘটনা স্হলিত উপস্হিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷

অতি দুখজনক কথা যে মৃতদেৱ শিশুটিৰ দুয়ো ভৰিত আলতা ৰঙেৰে ৰঞ্জিত হৈ আছিল ৷সম্ভৱতঃ বিয়া ঘৰতে  কণমানিজনী আলতাৰ ৰং ভৰিত বোলাইছিল ৷ৰাতিপুৱা ভাগত ছোৱালীজনীৰ মূখেৰে তেজ নিৰ্গত হৈ থকা  আৰু গুপ্তাংগতো তেজ নিৰ্গত হৈ থকালৈ  এইয়া এক ধৰ্ষণ জনিত হত্যাকাণ্ড হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ৷লালপানী আৰক্ষীয়ে এইয়া হত্যাকাণ্ড নে ধৰ্ষণ জনিত হত্যাকাণ্ড তাৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ইফালে আটছা ধনশ্ৰী উপশাখাৰ সভাপতি-সম্পাদক ক্ৰমে নিৰফুল চনা আৰু জিনেল নাগে এই বৰ্বৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে প্ৰশাসনক ৷

Leave A Reply