Breaking

নগাঁৱৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত অনিয়মৰ অভিযোগ

0 106

আজিৰে পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ কে’বাটাও পৰীক্ষা কেন্দ্ৰত ব্যাপক অনিয়ম আৰু খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আজি অনুষ্ঠিত প্ৰথম দিনাৰ পৰীক্ষাত নগাঁও  চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ এটি কোঠাত নিয়োজিত এগৰাকী নিৰীক্ষকৰ দায়িত্ব জ্ঞানহীনতাই ছাত্ৰ- ছাত্রী আৰু অভিভাৱকক চিন্তিত কৰি তোলাৰ লগতে উক্ত কোঠাৰ পৰীক্ষাৰ্থীসকলে অনিশ্চয়তাত ভুগাইছে। উত্থাপিত অভিযোগ অনুসৰি, পৰীক্ষা কেন্দ্ৰটোৰ ৫ নম্বৰ কোঠাত আজি ইংৰাজী বিষয়ৰ পৰীক্ষাত নিয়োজিত নিৰীক্ষক গৰাকীয়ে পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত মূল উত্তৰ বহীৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সকলক অতিৰিক্ত উত্তৰবহীৰ পৃষ্ঠা সমূহহে প্ৰদান কৰে।

আনহাতে ছাত্ৰ- ছাত্ৰীসকলে উক্ত অতিৰিক্ত পৃষ্ঠাত প্ৰশ্নৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰে। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় আধাঘন্টা পাচত কোঠাটোলৈ অহা আন এগৰাকী নিৰীক্ষকৰ বিষয়টো চকুত পৰাত তেতিয়াহে ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাৰ মূল উত্তৰ বহী প্ৰদান কৰে ।ইতিমধ্যে ছাত্ৰ-ছাত্ৰী সকলে অতিৰিক্ত পৃষ্ঠা চাৰিটাত উত্তৰ লিখি প্ৰায় সম্পূৰ্ণ কৰে। আনহাতে পৰৱৰ্তী সময়ত বাকী প্ৰশ্নৰ উত্তৰ মূল বহীত লিখি সম্পূৰ্ণ কৰাৰ পাচত একাংশ ছাত্ৰ-ছাত্ৰীৰ মূল উত্তৰ বহীৰ তিনি চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ অৱশিষ্টভাৱে থাকি যায়।

তেনে অৱস্হাত আৰম্ভণিতে লিখি আদায় কৰা অতিৰিক্ত উত্তৰ বহীৰ পৃষ্ঠা চাৰিটা মূল বহীৰ লগত সংলগ্ন কৰি দিয়া  হয়। ফলত মূল উত্তৰ বহীৰ পিচৰ ফাললৈ তিনি চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ খালী হৈ থকাৰ পাচত অতিৰিক্ত চাৰিটা পৃষ্ঠাৰ উত্তৰ সমূহ সংলগ্ন হৈ পৰে। এই বিষয়টোক লৈ চিন্তিত একাংশ অভিভাৱকে সমগ্ৰ বিষয়টো নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ লগতে পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়কক অৱগত কৰে। অৱশ্যে এই অৱাঞ্চিত বিষয়টো সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে। আনহাতে, নগাঁও চহৰত থকা হয়বৰগাঁও হাইস্কুলত থকা পৰীক্ষা কেন্দ্ৰত নীতি বহি:ভূত ভাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ শিক্ষকক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিভাগীয় নিয়ম অনুসৰি, নিজৰ বিদ্যালয়ৰ পৰীক্ষাৰ্থী থকা পৰীক্ষা কেন্দ্ৰটোত সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে পৰীক্ষা- নিৰীক্ষকৰ দায়িত্ব পালন কৰিব নোৱাৰে যদিও সহকাৰী পৰীক্ষা ব্যৱস্থাপকে ধৰি নগাঁও চহৰৰ এখন বিতৰ্কিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুজনকৈ শিক্ষকক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। তদুপৰি, পৰীক্ষা কেন্দ্ৰটোৰ দুটা কোঠালীত একেখন ব্যক্তিগত বিদ্যালয়ৰ পৰীক্ষাৰ্থীক একেলগে বহুৱাই অসৎ উপায় অবলম্বন কৰাৰ সুবিধা দিয়াৰো অভিযোগ উঠিছে। অকল এইকেইখন পৰীক্ষা কেন্দ্ৰ‌ই জিলাখনৰ লাওগাঁও হাইস্কুল পৰীক্ষা কেন্দ্ৰ, বেছামাৰী এম আই পৰীক্ষা কেন্দ্ৰ, আব্দুল আৱাল হাইস্কুল, ডুুমডুমীয়া উচ্চতৰ  মাধ্যমিক বিদ্যালয়কে কেবাটাও পৰীক্ষা কেন্দ্ৰত নীতি বহি:ভূত ভাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াৰ অভিযোগ উঠিছে। আন একাংশ পৰীক্ষা কেন্দ্ৰত আজি অনুষ্ঠিত ইংৰাজী বিষয়ৰ পৰীক্ষাত নিৰ্দিষ্ট বিষয়টোৰ শিক্ষকক পৰীক্ষা -নিৰীক্ষকৰ দায়িত্ব দিব নোৱাৰে যদিও এই দায়িত্ব দিয়াৰ কথাও চৰ্চা চলিছে। এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিদ্যালয় সমুহৰ পৰিদৰ্শক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

Leave A Reply