Breaking

ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

0 2,056

◆ অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ হ’ব।প্রতিটো শ্রেণীকোঠাত ৩০জন ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান কৰোৱা হ’ব৷
◆স্কুল খোলাৰ আগতে ছেনিটাইজ কৰিব লাগিব।পৰ্যায়ক্রমে আনবোৰ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ’ব।
◆কৰম পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা।বাগিছাৰ কৰম পূজাৰ বাবে কাইলৈ দিনটো বন্ধ থাকিব৷এইটো এই বছৰৰ বাবে৷পৰৱৰ্তী সময়ত বাকী সিদ্ধান্ত হ’ব।
◆জলসম্পদ বিভাগৰ বাবে নাবাৰ্ডৰ পৰা ৯৮কোটি টকা মুকলিৰ সিদ্ধান্ত।
◆জিএমচি অন্তৰ্গত এলেকাত ৰিক্সা, ঠেলা আদিৰ লাইচেন্সৰ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ।কাৰ্যালয়লৈ গৈ লাইচেন্স লোৱাৰ প্রয়োজন নাই,অনলাইনত পাব লাইচেন্স।
◆কৃষি বিভাগত পদোন্নতিৰ ক্ষেত্রত বিশেষ নিয়ম ঘোষণা।পদোন্নতিৰ ক্ষেত্ৰত কৃষি বিভাগত dy director, joint director এবছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত পদোন্নতি পোৱাৰ যোগ্য হ’ব।
◆স্বাভাৱিকভাৱে মৃত্যু হোৱা গঁড়ৰ খৰ্গ দাহনৰ সিদ্ধান্ত লোৱা হৈছে।কোষাগাৰত মজুত আছে ২৬২৩ টা গঁড়ৰ খৰ্গ।
◆২৪৭৯টা গঁড়ৰ খৰ্গ দাহন কৰা হ’ব।কাজিৰঙাত সংৰক্ষণ কৰা হ’ব ৯৪টা খৰ্গ।গোচৰ চলি থকা বাবে ৫০ টা খৰ্গ ৰাখি থোৱা হ’ব।
◆প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ প্ৰিমীয়ামৰ ধন মুকলি কৰিব৷৩:৫% ৰাজ্য চৰকাৰে দিব৷৩৭৯ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত কেবিনেটৰ।
◆স্বাস্থ্য আৰু শিক্ষাৰ বিল্ডিং নিৰ্মাণৰ কাম PWDয়ে কৰি আহিছিল৷আজি সিদ্ধান্ত লোৱা হয় যে, স্বাস্থ্য আৰু শিক্ষাৰ নিৰ্মাণৰ বাবে Chief Engineer PWD(Health & Education)ৰ পদ সৃষ্টি কৰা হৈছে৷

Leave A Reply