Breaking

একাধিক চিকিৎসা মহাবিদ্যালয়ত নাই গুৰুত্বপূৰ্ণ বিভাগ; ৮২৩ কোটি ব্যয়েৰে ৬ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়

0 54

পুনৰ ৬ খনকৈ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰিব চৰকাৰে। ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ ১১ খনত আন্তঃগাঁঠনিৰ পঁয়ালগা অবস্থাৰ সমান্তৰাৰলকৈ চিকিৎসক, নাৰ্চকে ধৰি তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম নোহোৱা স্বাস্থ্য বিভাগে কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ চুপাৰ চিকিৎসালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিত্যান্তই বিচাৰ্যৰ বিষয়।

তথ্যমতে, চৰকাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, বৰপেটা, তেজপুৰ,ডিফু আৰু লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কৰিব চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়।

এই নিৰ্মাণ কাৰ্যত ব্যয় কৰিব শিলচৰত ১৫৩ কোটি ৪০ লাখ, যোৰহাটত ১৯৬ কোটি ১২৫ লাখ, বৰপেটাত ১০১ কোটি ৬৫ লাখ, তেজপুৰত ১৬৯ কোটি, ডিফুত ১০১ কোটি ৬৫ লাখ আৰু লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০১ কোটি ৬৫ লাখ সৰ্বমুঠ ৮২৩ কোটি টকা।

ইয়াৰ বিপৰীতে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ ৯ টাকৈ বিভাগেই নাই। ৰোগী চিটিভিএছ,জৰুৰী মেডিচিন,হেমাটোলজিকে ধৰি প্ৰায় ৯ টা বিভাগৰ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰো একেই অবস্থাৰ। নাই জৰুৰী ১০ টাকৈ বিভাগ।

একেদৰে চিকিৎসালয়খনত ৯২৯ গৰাকী কৰ্মচাৰীৰ নাটনি। ইয়াৰে ৩৬৫ গৰাকীয়েই নাৰ্চ আৰু ৫৬৪ গৰাকী তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। একেই অবস্হা বৰপেটা, তেজপুৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ। ইয়াৰ পিছতো চৰকাৰে চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰিবলৈ আগবঢ়া কাৰ্যই সৰ্বসাধাৰণ ৰাইজক কিমান উপকৃত কৰিব সেয়া চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে জনতাৰ মাজত।

Leave A Reply