Breaking

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত…

0 76

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত হয়। সাগৰত তীব্ৰ ঢৌ থকা বাবে এই যাত্ৰা নিষিদ্ধ আছিল যদিও যাত্ৰীসকলে একপ্ৰকাৰ মৰসাহ কৰিয়েই যাত্ৰা কৰে।

কিন্তু নিয়তিৰ ওচৰত এই সাহৰ কোনো অৰ্থ নাই। বিপদসংকুল পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰাৰ ফলত এখন জাহাজ ডুব যায় আৰু তাৰ কিছু সময় পিচতে আনখন জাহাজো সাগৰৰ লহৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰি ডুব যায়।

দুয়োখন জাহাজত প্ৰায় ৯০ গৰাকী যাত্ৰী আছিল। ইয়াৰে প্ৰথমখন জাহাজত ৪৮ জন আৰু আনখনত প্ৰায় ৪২জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাৰ ফলত শিশুসহ ভালেসংখ্যক লোক নিহত হয় বুলি জানিব পৰা গৈছে।

Leave A Reply