Breaking

দেৰগাঁৱৰ মাজমজিয়াৰ লাহতী চাৰিআলিত ট্ৰাকে মহতীয়ালে কেইবাজনো লোকক…

0 145

যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাক খন। ট্ৰাক খনৰ নম্বৰ হৈছে AS01HC9675। ঘটনাৰ বিৱৰণি মতে গাড়ীখনে যোৰহাট পানীচকুৱাত এখন মেজিকত খুন্দামৰাত পুলিবৰ আৰক্ষীয়ে যোৰহাট চাৰিঙ্গীয়াৰ পৰা গাড়ী খন পিছা লৈছিল।


যাৰ ফলত দ্ৰুত বেগ ধাৰণ কৰিছিল গাড়ী খনে। বাটত বহু কেইজন লোকক খুন্দিয়াই আহত কৰে। দুৰ্ঘটনা সংঘতিত কৰিয়ে পলায়ন কৰে ট্ৰাক খনে।


উল্লেখ যে পলায়ন কৰা দ্ৰুত বেগী ট্ৰাক খনে পুনৰ দেৰগাঁৱত ৪ জন লোক আঘাত কৰে। ইতিমধ্যে ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হৈছে দেৰগাওঁ আৰক্ষীয়ে ৷ দেৰগাওঁ আৰক্ষীৰ তৎপৰতাত আহত কেইজনক মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰা হয় ।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply