Breaking

ৰাজ্যত বাতিল হ’ল নাবালক ল’ৰা-ছোৱালীৰ মাজত কেইবাখনো পূৰ্ব নিৰ্ধাৰিত বিবাহ-মুখ্যমন্ত্ৰী

0 54

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৭ ফেব্ৰুৱাৰীত কয় যে ৰাজ্যৰ নাবালক শিশুৰ মাজত হোৱা পূৰ্ব নিৰ্ধাৰিত বিবাহ কেইবাটাও পৰিয়ালে বাতিল কৰিছে।

অসমৰ মুখ্যমন্ত্রীয়ে ইয়াক বাল্যবিবাহৰ বিৰুদ্ধে দুসপ্তাহজোৰা অভিযানৰ ইতিবাচক প্রভাৱ বুলি অভিহিত কৰে৷

”অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি আছে যে এনে অবৈধ কাৰ্য্যৰ বিৰুদ্ধে আমাৰ অভিযানৰ পিছত কেইবাটাও পৰিয়ালে কম বয়সীয়া সন্তানৰ মাজত পূৰ্ব নিৰ্ধাৰিত বিবাহ বাতিল কৰিছে। বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ দুসপ্তাহজোৰা দমনৰ ই নিশ্চিতভাৱে ইতিবাচক প্ৰভাৱ।’-এইদৰে টুইট কৰে শৰ্মাই।

উল্লেখযোগ্য যে ৰাজ্যত এই পৰ্যন্ত বাল্যবিবাহৰ দমনত ৩ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সামাজিক অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সম্ভাৱনা আছে।

”বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ দমন কাৰ্য্যই দ্বিতীয় সপ্তাহত ভৰি দিছে আৰু এতিয়ালৈকে ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সামাজিক অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। ইতিবাচক দিশটো হ’ল এতিয়া মানুহে ওলাই আহি আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিছে।’-এইদৰে টুইট কৰে শৰ্মাই।

যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু এই অভিযানত হিন্দু আৰু মুছলমানৰ লোকক আটক কৰা হৈছে।

সৰ্বাধিক গ্ৰেপ্তাৰ হৈছে হোজাই জিলাত যি ২১৬ জন।নগাঁও দ্বিতীয় স্থানত আছে য’ত মুঠ ১৮৪ জন লোকক বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। তৃতীয় স্থানত আছে ধুবুৰী য’ত বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে চলোৱা দমন কাৰ্যসূচীত মুঠ ১৮৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ধুবুৰীত সৰ্বাধিক পঞ্জীয়নভুক্ত অপৰাধৰ সংখ্যা হৈছে ৩৮৩ জন।

ধুৰবুৰীৰ পিছতে নগাঁৱত থানাত ২৫৫টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে কোকৰাঝাৰত বাল্য বিবাহৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে ২০৯টা গোচৰ ৰুজু হৈছে।

Leave A Reply