Breaking

উত্তৰ ছিকিমত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে কেইবাটাও পথ…

0 29

উত্তৰ ছিকিমত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে। কেইবাটাও পথ খহি পৰাৰ ফলত কমেও ২হাজাৰ পৰ্যটক আৱদ্ধ হৈ আছে। ঘৰলৈ কেনেকৈ উভতিব সেই  চিন্তাতে সময় কটাইছে।

ইতিমধ্যে উত্তৰ ছিকিমত বৰ্ষা নামিছে। যাৰ বাবে নিশাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো পাহাৰীয়া নদী ওফন্দি উঠিছে। সেই পানীত ডুবিছে ৰাস্তাবোৰ। কেইবা ঠাইতো ভূমিস্খলন ঘটিছে।

১০ নং ৰাষ্ট্ৰীয় ঘাইপথত খহনীয়া হোৱাৰ বাবে লাচুং, লাচেন, ইউমথাঙৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পেগঙৰ সমীপতো খহনীয়াৰ বাবে পথ অৱৰোধ হৈ পৰিছে।

Leave A Reply