Breaking

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া।সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ প্ৰেছ বিজ্ঞপ্তি…

0 49

সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থা প্ৰেছ বিজ্ঞপ্তি
প্ৰেৰক:সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থা
স্থান:ডিব্ৰুগডৰ গৰাখহনী স্থলী
১)১৯৫৫-৫৬চনত ডিব্ৰুগড মাইজানৰ পৰা মোহনাঘাটলৈকে ৯.৬০ কি.মি. মথাউৰী নিমাণ কৰা হৈছিল ।আৰু সমান্তৰাল ভাবে নদীৰগতি বিধি নিৰিক্ষণ কৰি সেই সময়ত অভিযন্তা সকলে প্ৰযোজন সাপেক্ষে খৰালি মাহতেই নদীৰ মাজত বাহঁৰ পাৰকোপাইন ,পেলেচাইদিং আদি নোমান কৰি থলুৱা পদ্ধতিৰে মথাউৰী পাৰলৈ বালিৰ চৰ বোৱাই অনাৰ ব্যাৱস্থা কৰিছিল,যাৰ ফলত প্ৰায়২০০৫-০৬চন মানলৈকে ডিব্ৰুগডত বানপানী অথবা গৰাখহনীয়াই বিশেষ সমস্যাৰ সৃষ্টি কৰা নাছিল। উল্লেখনীয় যে এই সকলো বিলাক কাম বিভাগীয় বিষয়া আৰু থলুৱা ঠিকাদাৰ সকলেই কৰিছিল।

২)পৰবওী ২০১২চন মানৰ পৰা মাইজানৰ পৰা উজনি অংশত গৰাখহনীয়া সমস্যাই দেখা দি ২০১৫ চমত প্ৰথম বাৰৰ বাবে ডিব্ৰুগড চহৰ খন ব্ৰক্ষ্মপুতৰ পানীয়ে প্লাবিত কৰি ভয়ানক পৰিস্হিতি সৃষ্টি কৰে।এই পৰিপেক্ষিততে অ’কলেণ্ড বাগিচা আৰু নগাঘূলি অন্ লত প্ৰায়৯.১০ কি.মি. মথাউৰী আৰু৪/৫টা মান protection work আৰু শৈল আৰু কাঠৰ স্পাৰ বনোৱা হল যদিও নদীৰ গতি সলনি হোৱাৰ পৰিপেক্ষিত সময়পযোগী ব্যৱস্হা গ্ৰহনৰ অভাৱ,চৰকাৰৰ অনীহা মনোভাৱ আৰু একাংশ চৰকাৰী উদ্ধতম বিয়যা অদুৰদশী কায্য ব্যৱস্থাৰ বাবেই প্ৰতি বছৰেই চহৰখনৰ প্ৰতি ভাবুকি আহিবলৈ ধৰিলে।


বিশেষকৈ স্থানীয ভূক্তভুগী ৰাইজৰ স্বাথতকৈ একা্ংশ পুজিপতি ঠিকাদাৰ আৰু কোম্পনিৰ স্বাথক অধিক গুৰুত্ব গ্ৰহন কৰা প্ৰতিৰোধ ব্যৱস্হাৰ ফলশ্ৰুতিত ২০১২ চন মানৰ পৰাই ধাৰাবাহিক ভাবে ডিব্ৰুগড বাসীয়ে প্ৰতিটো বাৰিষাৰ সময়ত আতংকময় জীৱন অতিবাহিত কৰিব লগা হৈছে।‍
৩)চৰকাৰ আৰু জলসম্পদ বিভাগৰ এটা গতানুগতিক ধাৰনা হবলৈ ধৰিলে যে বাৰিষা মাহৰ লগে লগে মথাউৰী খহনীয়া হবই।সেয়েহে জল সম্পদ বিভাগে বৃহত পুঁজিপতি আৰু বহুজাতিক কোম্পানীৰ পৰা কোটি কোটি টকাৰ জিঅ বেগ আৰু পাকপাইন মজুত কৰি ৰাখিব আৰু বাৰিষা সুজুগ অহা লগে লগে কোটি কোটি টকীয়া জিঅ বেগ আৰু পাকুপাইন বিলাক নিজা মুনাফা আদায় কৰিব।
৪)যি কেইখন আচঁনি কেইজন মান মুষ্টিমেয় ঠিকাদাৰ আৰু বহুজাতিক কোম্পোনীক তথা কথিত ৩ মাহ কামৰ সময় সীমা বান্ধি দি কামৰ দ্বাযিত্ব দিয়া হৈছে যদিও ৩ বছৰেও কাম সম্পুন নহয়,অথচ অদৃশ্য শক্তিৰ প্ৰভাৱত সেই সকল ঠিকাদাৰ অথবা কোম্পানীৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে জল সম্পদ বিভাগে।সময় মতে কাম আদায় দিব নোৱাৰা অপৰাধত বৃহত পুঁজিপতি আৰু বহুজাতিক কোম্পানীক দিযা কামৰ এইয়াই নমুনা।
৫)বাৰিষাৰ প্ৰবল জল ধাৰা আৰম্ভ হোৱাৰ আগেয়ে হঠাত কৰ পৰা অহা পানীয়ে ২টা স্পাৰৰ মাজত ইমান প্ৰবল চাকনৈয়া সৃষ্টি কৰি ডিব্ৰুগডবাসীক আতংকময় পৰিস্থিতিলৈ ঠেলি দিছে সি আজিৰ তাৰিখত সাধাৰনৰ মাজত এটা প্ৰশ্ন হৈছে?সাধাৰনতে বাৰিষা শেষ হোৱাৰ সময়ত এনে গৰাখহনীয়া হোৱাটো অস্বাভাবিক নহয়।কিন্ত বাৰিষা আৰম্ভ হোৱাৰ আগেয়ে হোৱা এনে পৰিস্থিতি অস্বাভাবিক।
এই ক্ষেএত আমাৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে এটা কথা স্পষ্ট কৰিব বিচাৰো যে কোনোবা নহয় কোনোবা ওখ ঠাইৰ মাজেৰে বৈ যোৱা জলধাৰাই হঠাত নিয়ন্ৰ হেৰুৱাই পাৰভাঙি অহা পানীয়ে স্বাভাবিকতে দ’ঠাইলৈ(low land) বৈ আহিলে এনে পৰিস্থিতি হোৱা সম্ভাৱনা থাকে।এই ক্ষেত্রত আমি জানিব পৰা মতে ln land water Authoriy of India(I.W.A.I)বিভাগে এম.ভি. বিলাস নামেৰে বৃহত আকাৰৰ জাহাজখন ডিব্ৰুগড বগীবিলৰ পৰা উজনীলৈকে লৈ যোৱাৰ বাবে ব্ৰক্ষ্মপুত্রৰ চৰৰ মাজেৰে বৈ যোৱা এটা নলাক অস্হায়ী প্ৰতিৰোধ ব্যৱস্থা কৰিছিল যদিও নলাটোৱে হঠাত প্ৰতিৰোধ ক্ষমতা হেৰুৱা ফলতে পাৰ ভাঙি অহা পানী স্বাভাবিকতে দ’ঠাইলৈ হঠাত মথাউৰী পাৰলৈ বৈ আহি ২টা স্পাৰৰ মাজত বৃহত চাকনৈয়াৰ সৃষ্টি কৰুব পাৰে যাৰ বাবে দ’ঠাইত অৱস্থিত মথাউৰিটোৰ প্ৰতি ভাবুকি অহাটো তেনেই স্বানবাবিক।এতিয়া আমাৰ প্ৰশ্ন— যিহেতুকে বানপানী অথবা গৰাখহনীয়াৰ বাবে জলসম্পদ বিভাগহে ৰাইজৰ ওচৰত জৱাবদেহী,তেনে স্হলত নীতি অনুযায়ী ব্ৰক্ষ্মপুত্র নদীৰ চৰৰ মাজেদি বৈ যোৱা নলাটো প্ৰতিৰোধ কৰি বৃহত জলধাৰা সৃষ্টি কৰাৰ আগেয়ে l.W.A.I বিভাগে জলসম্পদ বিভাগৰ পৰা আগতীয়াকৈ আপত্তি বিহিন প্ৰমান পত্র(NOC)লৈছিলনে?যদি লোৱা নাছিল তেন্তে ৰাজ্য জল সম্পদ বিভাগতোৱে কিয় প্ৰতিবাদ অথবা ব্যৱস্হা লোৱা নাছিল?আৰু যদি লৈছিল,তেন্তে কিহৰ ভিত্তিত জল সম্পদ বিভাগে ভুত ভবিষ্যতৰ কথা চিন্তা নকৰাটোয়ে চকু মুদি এনে প্ৰমান পত্র প্ৰদান কৰিছিল।


ইয়াৰ বাবে যি কোনো কাৰনতেই নহও কিয় জল সম্পদ বিভাগহে ৰাইজৰ ওচৰত জবাবদেহী হব লাগিব।
সদৌ শেষত আমাৰ অভিজ্ঞতাৰে জল সম্পদ বিভাগখব বিচাৰো যে কেবল বৃহত কোম্পানীৰ পৰামশ লোৱাতকৈ অসমৰ অৱসৰ প্ৰাপ্ত অভিজ্ঞ অভিযন্তা সকলৰ পৰা পৰামশ লৈ থলুৱা আৰ আধুনিক প্ৰযুক্তি প্ৰযোগ কৰি আঁচনি গ্ৰহন কৰক।এনে অভিজ্ঞ অৱসৰ প্ৰাপ্ত অভিযন্তা সমগ্ৰ অসমতে আনকি ডুব্ৰুগডটো আছে।আৱশ্যক হলে আমি দেখুৱাই দিম।

ইতি
মুঁহি বৰগোঁহাই ,সভাপতি ।সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থা বিশ্বজিত বৰা, সম্পাদক ডিব্ৰুগড জল সম্পদ টিকাদাৰ সন্থা

Leave A Reply