Breaking

মাজবাটত সাংসদ দিলীপ শইকীয়াৰ চিলাই মেচিন বিতৰণ

0 2,017

মাজবাটত মঙ্গলদৈ লোকসভা সমষ্টিৰ  সাংসদ দিলীপ শইকীয়াই মহিলা সকলৰ মাজত ১৫০ চিলাই মেচিন বিতৰণ কৰে । মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঁচনৈ চেৰফাং পৰিষদিয় সমষ্টিৰ প্ৰত্যেক ভিচিডিচিৰ  চিলাই প্ৰশিক্ষণ প্ৰাপ্ত প্ৰমাণ পত্ৰ থকা মহিলা সকলৰ ভিতৰত প্ৰথম অৱস্থাত ৫০০ মেচিন দিয়াৰ কথা সাংসদ দিলীপ শইকীয়াই জানিব দিয়ে । তাৰে পৰিপেক্ষিতত আজি ১৮ছেপ্তেম্বৰ  মাজবাটত এখনি চিলাই মেচিন বিতৰণ কৰাৰ বাবে সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল । প্ৰথম অৱস্থাত ৫০০ গৰাকী মহিলাৰ মাজত আধুনিক যুগৰ উষা কোম্পানীৰ চিলাই মেচিন বিতৰণৰ লক্ষ্য আছিল যদিও  ১৮ ছেপ্টেম্বৰ তাৰিখে মাজবাটত উপস্থিত হৈ সাংসদ দিলীপ শইকীয়াই ১৫০ গৰাকী মহিলাৰ মাজত চিলাই মেচিন নিজ হাতে বিতৰণ কৰে । আজি ১৮ তাৰিখে মাজবাটত অনুষ্ঠিত উক্ত চিলাই মেচিন বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই তেওঁৰ ভাষণ প্ৰসংগত বিটিচিৰ অইন সমষ্টিৰ দৰেই মাজবাট অঞ্চলৰ বিজপি কাৰ্যকৰ্তাৰো দীৰ্ঘদিনীয়া সমস্যা সমাধান হৈছে । সমাজৰ SC , OBC ,আৰু  MOBC শ্ৰেণীৰ  চিলাই প্ৰশিক্ষণ প্ৰাপ্ত হিলা সকলে এটাকৈ চিলাই মেচিন পোৱাৰ উপৰিও যিসকলৰ চাৰ্টিফিকেট নাই তেওঁলোককো তেওঁলোকৰ প্ৰায়োজনৰ ওপৰত ভিক্তি কৰি দ্বিতীয় পৰ্য্যায়ত দিয়া হব বুলি আশ্বাস দিয়ে । সাংসদ শইকীয়াই মাজবাটৰ ৰাইজৰ ঘৰে ঘৰে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ আঁঠুৱা ,কম্বল ,  বিজেপি দলৰ  চৰকাৰ বিটিচিত অহাৰ   পিছত বিতৰণ কৰাৰ দৰেই কোনো হিতাধিকাৰীৰ পৰা এক পইছা নোলোৱাকৈ সাধাৰণ সভা পাতি বিতৰণ আজি ১৫০ গৰাকী মহিলাৰ মাজত বিতৰণ কৰা হৈছে বুলি মন্তব্য আগবঢ়াই । মাজবাট অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত হৈ আছে অতি শীঘ্ৰেই মাজবাট বিধানসভা সমষ্টিৰ সকলো দীৰ্ঘদিনিয়া সমস্যাৰ সমাধান কৰা হব বুলি কোৱাৰ লগতে শইকীয়াই এই অঞ্চলৰ ৰাইজে চৰকাৰৰ কিবা পাবলৈ হলে টকা পইচাৰ অংকৰ নকৰাকৈ একো সুবিধা পোৱা সম্ভৱ নাছিল তেনে অৱস্থাৰ পৰা আজি এক টকা নিদিয়াকৈ বিজেপি কাৰ্যকৰ্তা সকলে সেৱা আগবঢ়াই যাব আৰু ৰাইজেও কাকো আঁচনিৰ নামত টকা যাতে নিদিয়ে তাৰ বাবে আহ্বান জনায় । উক্ত সভাত উপস্থিত যোৱাকালি ১৭ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব ভাৰ লোৱা সুনীল  বাসুমতাৰীয়েও তেওঁৰ ভাষণ প্ৰসংগত মহিলা সকলৰ মাজত চিলাই মেচিন বিতৰণ কৰাৰ লক্ষ উদ্দেশ্য এই মেচিনৰ দ্বাৰা মহিলা সকলে ঘৰৰ কামত ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ দ্বাৰা চিলাই কাটিংৰ কাম কৰিও  স্বাৱলম্বী হব পাৰি উক্ত বিষয়ত বক্তব্য ৰাখে । আৰু লগতে ওদালগুৰি জিলা বিজেপিৰ সভাপতি হিচাপে যোৱা কালি ১৭ ছেপ্টেম্বৰ তাৰিখে দায়িত্ব ভাৰ গ্ৰহণ কৰা সুনীল বাসুমতাৰীয়ে সকলো নবীন প্ৰবীণ ,পুৰণা জেষ্ঠ দলীয় কৰ্মীক উৎসাহেৰে ওলাই আহি ওদালগুৰি জিলা বিজেপিৰ সংগঠনিক ভেটি সক্ৰিয় কৰাত সহায় সহযোগিতা কৰাৰ কামনা কৰিছে । উক্ত অনুষ্ঠানত নৱ নিযুক্ত ওদালগুৰি জিলা বিজেপি সভাপতি সুনীল বসুমতাৰী , ৰাজ্যিক সদস্য মাজবাট বিধানসভা সমষ্টিৰ অন্যতম পৰিচিত যুৱ নেতা জিতু কিষান , বিটিচি ই এম দিগন্ত বৰুৱা , এম চি এল এ দ্বীপক মৌৰ , জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , কষ্ট বাগলাৰী , তপন চৰকাৰ , জীৱন ডেকা , মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাৰ লগতে মাজবাট  বিধানসভা সমষ্টিৰ বহু জেষ্ঠ বিজেপি কাৰ্যকৰ্তা , ভিচিডিচি চিয়াৰমেন ও বিভিন্ন দায়িত্বত থকা দলীয় কৰ্মী সকলৰ  লগতে চিলাই মেচিন প্ৰাপ্ত মহিলা সকলো উপস্থিত থাকে  ।

Leave A Reply