Breaking

আফগান মহিলা আৰক্ষীৰ ওপৰত যৌন নির্যাতন:তদন্তৰ দাবী

0 521

আফগান মহিলা আৰক্ষীৰ ওপৰত হোৱা যৌন আতিশয্যৰ অভিযোগ সন্দর্ভত শীঘ্রে তদন্ত হ’ব লাগে বুলি দাবী জনাইছে আমেৰিকা আৰু ইউৰোপীয় সংঘ (ই ইউ)ই৷ লক্ষণীয়ভাৱে সংবাদ সংস্থা বিবিচিয়ে চলোৱা তদন্তত বহু আফগান মহিলা আৰক্ষী বিষয়া সতীর্থৰ যৌন আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷ কিন্তু এই যৌন আতিশয্যৰ ঘটনা সন্দর্ভত জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰি আহিছে মহিলা আৰক্ষী বিষয়াসকলে৷ ইয়াৰ মূল কাৰণ হৈছে অভিযোগ দাখিল কৰিলেই মহিলা আৰক্ষী বিষয়াসকলৰ ওপৰত নজিৰবিহীন মানসিক তথা শাৰীৰিক নির্যাতন চলিব৷ আফগানিস্তানত থকা আমেৰিকান কূটনীতিক ৰছ উইলছনে দাবী কৰিছে যে শীঘ্রে দোষী আৰক্ষী বিষয়াক শাস্তি প্রদান কৰাৰ ক্ষেত্রত আফগান চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ অনুৰূপ দাবী উত্থাপন কৰিছে ইউৰোপীয় সংঘৰ সদস্য দেশবোৰে৷

Leave A Reply