Breaking

‘গাদৰ ২’ৰ সফলতাৰ পাৰ্টিত উপস্থিত শ্বাহৰুখ খান। দুয়ো তাৰকাৰ মাজত অন্ত পৰিল শত্ৰুতাৰ…

0 57

ছানি দেউল আৰু শ্বাহৰুখ খানৰ মাজত ৰ্ঘদিন ধৰি বন্ধ হৈ আছিল কথা-বতৰা। কিন্তু এতিয়া যেন এই শত্ৰুতাৰ অন্ত পৰিছে। আচলতে শ্বাহৰুখ খানে গাদাৰ ২ৰ সফলতা পাৰ্টিত অংশগ্ৰহণ কৰিছে। শনিবাৰে ছানি দেউলে তেওঁৰ ছবি ‘গাদাৰ ২’ৰ সফলতাৰ বাবে এক গ্ৰেণ্ড পাৰ্টি আয়োজন কৰে। এই সময়ছোৱাত অনিল কাপুৰ, জেকী শ্ৰফ, অনুপম খেৰৰ দৰে বলীউডৰ প্ৰবীণ তাৰকাই অংশগ্ৰহণ কৰা পাৰ্টিত শ্বাহৰুখ খানেও অংশগ্ৰহণ কৰে।

পত্নী গৌৰী খানৰ সৈতে ছানি দেওলৰ পাৰ্টিত উপস্থিত হ’ল শ্বাহৰুখ খান। এই সময়ত তেওঁক পত্নীৰ হাতত ধৰি থকা দেখা গৈছিল। ১৬ বছৰ ধৰি ছানী দেউল আৰু শ্বাহৰুখ খানৰ মাজত বন্ধ হৈ আছিল কথা-বতৰা। ১৯৯৩ চনত মুক্তি পোৱা ‘দৰ’ ছবিখনত ছানী দেওল আৰু শ্বাহৰুখ খানে একেলগে কাম কৰিছিল। ছবিখনত শ্বাহৰুখ খানে ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ছানী দেউলে মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত শ্বাহৰুখ খান ছবিখনত খলনায়কতকৈ বেছি নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল ছানী দেওল আৰু কিং খানৰ মাজত বিবাদ।

এতিয়া ছানী দেওল আৰু শ্বাহৰুখ খানৰ বিবাদ যেন শেষ হ’ল। শ্বাহৰুখে তেওঁৰ ছবি ‘গাদাৰ ২’ৰ সফলতা দেখি ছানী দেউলক ফোন কৰি অভিনন্দন জনায়।


Leave A Reply