Breaking

দুবছৰৰ পিছত ঋষভ পন্তৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া শ্বাহৰুখ খানৰ! চিচিটিভিৰ ফুটেজ চাই ক’লে – ‘তেওঁ মোৰ ল’ৰাৰ দৰে…’

0 26

সোমবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হয় অন্তিম খন খেল। বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানেও সৰু পুত্ৰৰ সৈতে এই মেচ চাবলৈ আহিছিল। এই দলৰ মাজত অনুষ্ঠিত হোৱা অন্তিমখন খেলত শ্বাহৰুখ খান আৰু ঋষভ পন্তৰ মাজত বিশেষ বাৰ্তালাপ হৈছিল, য’ত ডিচিৰ বিৰুদ্ধে কেকেআৰে জয়লাভ কৰাৰ পিছত শ্বাহৰুখে খেলুৱৈসকলক অভিনন্দন জনাইছিল। সেই মুহূৰ্তৰ শ্বাহৰুখ খানৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে, য’ত কিং খানককলকাতা নাইট ৰাইডাৰ্ছৰ ড্ৰেছ পিন্ধা দেখা গৈছিল। লগতে ২০২২ চনত সংঘটিত ঋষভ পন্তৰ ভয়ানক দুৰ্ঘটনাৰ বিষয়েও অভিনেতাগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, লগতে সেই ভিডিঅ’টোত দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা ঋষভ পন্তৰ গাড়ীৰ ফটোও দেখা যায়। সেই ভিডিঅ’টো শ্বাহৰুখৰ ফেন পেজত X handle ত শ্বেয়াৰ কৰিছে।


এই সাক্ষাৎকাৰটোত শ্বাহৰুখ খানে শেহতীয়াকৈ ঋষভ পণ্টৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে মুকলিকৈ কয়। তেওঁ ক’লে, ‘ভিডিঅ’টো দেখিলোঁ, চিচিটিভিৰ ফুটেজটো দেখিলোঁ৷ ভয়াবহ. এই বয়সৰ ল’ৰাবোৰ মোৰ ল’ৰাৰ দৰে। যেতিয়া কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হয় তেতিয়া ই দুগুণ সংকট হয়। আশাকৰোঁ তেওঁৰ আঁঠু সোনকালে ভাল হ’ব। মই সুখী যে ঋষভ ঘূৰি আহিছে আৰু আশা কৰিছো তেওঁ ভাল খেলি থাকিব।

Leave A Reply