Breaking

আহি আছে শ্বাহৰুখ খানৰ পাঠান-২, চলিত বছৰতে আৰম্ভ হ’ব শ্বুটিং…

0 18

আহি আছে শ্বাহৰুখ খানৰ পাঠান-২। শ্বাহৰুখ খানে ২০২৩ চনত পাঠানৰ জড়িয়তেই দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ ৰূপালী পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিছিল। পাঠানৰ বেছৰম ৰং গীতটিয়ে সমগ্ৰ দেশতে বহুতৰে মাজত প্ৰতিবাদৰ লহৰ তুলিছিল। দাবী উঠিছিল পাঠানৰ প্ৰদৰ্শন বন্ধ কৰাৰ। কিন্তু সকলো প্ৰতিৰোধ ওফৰাই পাঠান ছুপাৰ হিট হৈছিল। ছবিখনে বক্স অফিচ গৰম কৰি তুলিছিল। শেহতীয়া প্ৰতিবেদন অনুসৰি যশ ৰাজ ফিল্মছে এতিয়া অতি শীঘ্ৰে পাঠান ২ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। পিপিং মুনৰ প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানে বছৰটোৰ শেষৰ ফালে পাঠান ২-ৰ শ্বুটিং আৰম্ভ কৰাৰ সম্ভাৱনা আছে। পূৰ্বৰ পাঠান ছবিৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে অৱশ্যে পাঠান-২ পৰিচালনা নকৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে আনন্দৰ ঠাইত পাঠান ২ ৰ পৰিচালকজনক এতিয়ালৈকে চূড়ান্ত কৰা হোৱা নাই।


যদিও পৰিচালক চূড়ান্ত কৰা হোৱা নাই এই বছৰৰ শেষৰ ফালে পাঠান-২ৰ শ্বুটিঙৰ পৰিকল্পনা চলি আছে বুলি বলীউডত চৰ্চা চলিছে। ২০২৩ চনৰ জানুৱাৰীত মুক্তি লাভ কৰা পাঠানে শ্বাহৰুখ খানৰ ডাঙৰ পৰ্দালৈ প্ৰত্যাৱৰ্তনক শক্তিশালী কৰি তুলিছিল। পাঠান ছবিত দীপিকা পাডুকন আৰু জন আব্ৰাহামকো মুখ্য চৰিত্ৰত দেখা গৈছিল। ছবিখনে সকলোৰে পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচত ১০০০ কোটি টকা উপাৰ্জন কৰিছিল। চলমান খানৰ এক থা টাইগাৰ, টাইগাৰ জিন্দা হে, ৱাৰ, পাঠান আৰু টাইগাৰ ৩ ৰ পিছত পাঠান ২ ৱাইআৰএফ গুপ্তচৰ ব্ৰহ্মাণ্ডৰ অষ্টম খন ছবি হ’ব।

Leave A Reply