Breaking

কোটি কোটি টকাৰ মাটি ক্ৰয় কৰিছে শ্বাহৰুখৰ তনয়া ছুহানা খানে। নিজকে ‘কৃষক’ বুলি অভিহিত ছুহানাৰ…

0 21

কোটি কোটি টকাৰ মাটি ক্ৰয় কৰিছে শ্বাহৰুখৰ তনয়া ছুহানা খানে। নিজকে ‘কৃষক’ বুলি অভিহিত ছুহানাৰ। শেহতীয়াকৈ আলিবাউগত কোটি কোটি টকাৰ মাটি ক্ৰয় কৰিছে শ্বাহৰুখ খানৰ কন্যা ছুহানা খানে। মাটি ক্ৰয়ৰ কাগজত সুহানাই নিজকে ‘কৃষক’ বুলি অভিহিত কৰিছে। ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা চুহানা খানে ‘দ্য আৰ্চিজ’ ছবিৰ অভিনেত্ৰী হিচাপে বলীউডত ভৰি দিবলৈ ওলাইছে। প্ৰথমখন ছবি মুক্তিৰ পূৰ্বেও কোটি কোটি টকাৰ সম্পত্তি ক্ৰয় কৰি মানুহক আচৰিত কৰি তুলিছে সুহানা খানে।শেহতীয়াকৈ মুম্বাইৰ গাতে লাগি থকা আলিবাউগৰ এখন গাঁৱত মাটি ক্ৰয় কৰিছে, যাৰ মূল্য ১২.৯১ কোটি। চুহানা খানৰ কোটি কোটি মূল্যৰ মাটি কিনাতকৈও বেছি চৰ্চা চলি আছে যে শ্বাহৰুখ খানৰ কন্যাই কৃষিভূমি ক্ৰয় কৰি কাগজত নিজকে ‘কৃষক’ বুলি অভিহিত কৰিছে। আলিবাগৰ থাল গাঁৱৰ ১.৫ একৰ মাটি ল’লে চুহানা খানে, য’ত ১৭৫০ বৰ্গফুটৰ এটা ঘৰো নিৰ্মাণ কৰা হৈছে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল চুহানা খানে যি মাটি কিনিছে সেইখন ফাৰ্ম লেণ্ড। সুহানা খানে নিজৰ প্ৰথম ছবি দ্য আৰ্চিজৰ পূৰ্বেই বিনিয়োগৰ দিশত খোজ দিবলৈ আৰম্ভ কৰিছে। শ্বাহৰুখ খানৰ বিলাসী সাগৰমুখী বাসগৃহটো ইতিমধ্যে চুহানা খানৰ বিলাসী সম্পত্তিৰ পৰা মাত্ৰ ১২ মিনিটৰ দূৰত্বত।

আলিবাউগত শ্বাহৰুখ খান আলিবাউগ হাউছৰ বিলাসী ঘৰ। য’ত ব্যক্তিগত চুইমিং পুলৰ পৰা আৰম্ভ কৰি হেলিপেডলৈকে সুবিধা উপলব্ধ।শ্বাহৰুখ খানে নিজৰ ৫২ সংখ্যক জন্মদিন আলিবাগৰ বিলাসী ঘৰটোত উদযাপন কৰিছিল, য’ত ছবি জগতৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল। শ্বাহৰুখ খান, চুহানা খান, ৰণবীৰ সিং-দীপিকা পাডুকন, অনুষ্কা শৰ্মা-বিৰাট কোহলী, উদ্যোগপতি গৌতম সিংহানিয়া আৰু বহু ডাঙৰ অভিনেতা, ক্ৰিকেটাৰ আৰু ব্যৱসায়ীৰ ঘৰ আছে আলিবাউগত।

Leave A Reply