Breaking

জাগুনত শ্বহীদ মেজৰ দুৰ্গা মল্ল গোৰ্খা কাপ ২০২২ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা আৰম্ভ…

0 55

তিনিচুকীয়া জিলাৰ জাগুন ৰামপুৰ খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে জিলা পৰ্যায়ৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল গোর্খা কাপ ২০২২ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা।


সদৌ অসম গোর্খা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতি আৰু লেখাপানী ১২ নং অসম ৰাইফলছ’ ৰ উদ্যোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনত অসমৰ লগতে অৰুণাচল প্ৰদেশৰ কেইবাটাও ফুটবল দলে অংশগ্ৰহণ কৰিছে। দেওবাৰৰ আৰম্ভণি খেলত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক নুমল ছেত্ৰী, ১২নং অসম ৰাইফলছ’ৰ শীৰ্ষ বিষয়া, জাগুন অঞ্চলৰ কেইবাজনো গণ্য মান্য ব্যক্তি।

দেওবাৰৰ উদ্বোধনী খেলখন ৰামপুৰ এফ,চি আৰু ন-মাইল এফ,চিৰ মাজত অনুষ্ঠিত হয়। দুয়োটা দলৰ মাজত ২-২ গলত খেলখন ড্ৰ হোৱাত টাইব্ৰেকাৰৰ সহায়ত ন-মাইল এফ, চিয়ে ৰামপুৰ এফ, চিক ৫-৪ গলৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ প্ৰৱেশ কৰে।গোর্খা ছাত্ৰ সন্থাৰ এই পদক্ষেপক ভুয়ক্ষী প্ৰশংসা কৰিছে অঞ্চলটোৰ ফুটবল প্ৰেমী ৰাইজে।

Leave A Reply