Breaking

ছহিদ নগৰী ঢেকিয়াজুলিৰ ১৯৪২ৰ ছহিদ,ওদালগুৰি জিলাৰ মজবাটৰ দয়াল দাস পাণিকাৰ বংশ পৰিয়ালে আজিও নাপালে চৰকাৰী ৫ লাখ টকীয়া সাহায্য

0 1,543

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত বৃটিছৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিব গৈ বৃটিছৰ গুলী বুকু পাতিলৈ ছহিদ হৈছিল ১৩ গৰাকীকৈ লোক ৷এই তেৰ গৰাকী ছহিদৰে এগৰাকী অন্যতম ছহিদ হ’ল ওদালগুৰি জিলাৰ মাজবাটৰ  দয়াল দাস পাণিকা ৷এই ছহিদ পৰিয়ালটি সেই সময়তে জীৱনৰ ভয়ত ঢেকিয়াজুলিৰ কাঠনিবাৰী গাঁওৰ পৰা উঠি আহি বৰ্তমানৰ ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত ইফাল সিফাল বাগৰি  অৱশেষত মাজবাট ৰাজহ চক্ৰৰ অধীস্থ  ৰৌতা গাঁওত থাকিবলৈ লয় ৷বৰ্তমান এই ছহিদ গৰাকীৰ নাতিনী বোৱাৰী মালতী পাণিকা এটি জুপুৰি ঘৰত আশ্ৰয় লৈ আছে ৷জীয়াই থকাৰ কোনো সম্বল নথকা দিন হাজিৰা কৰি পেট প্ৰৱৰ্তন কৰি আছে ছহিদ পৰিয়ালটি ৷দীৰ্ঘ বছৰৰ পৰা এই পৰিয়ালটি নিখোজ হৈ থকাত ঢেকিয়াজুলিত প্ৰতিবছৰে ২০ ছেপ্তেম্বৰত  আয়োজিত সম্বৰ্ধনা সভাত আয়োজক সকলে পৰিয়ালটিক সম্বৰ্দ্ধনা জনাব পৰা নাছিল ৷কিন্ত ২০০২ চনতে ওৰাঙস্হ সংবাদ সেৱক দুজনে অশেষ কষ্টকৰি এই পৰিয়ালটিৰ মাজবাটৰ একেবাৰে এক ভিতৰুৱা অঞ্চল ৰৌতা গাওঁত বসবাস কৰি থকাৰ সন্ধান দিছিল ৷এনেখবৰৰ ভিত্তিতে ২০১৭ চনৰ ১৯ আগষ্টত ঢেকিয়াজুলিত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্হিতিত আয়োজিত বলিদান দিৱসত ছহিদ গৰাকীৰ নাতিনী বোৱাৰী মালতী পাণিকা আৰু সম্পৰ্কীয় আজুনাতি তুলাৰাম পাণিকাক লগতলৈ গৈছিল ৷উক্ত সভাতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছহিদ পৰিয়াল সকললৈ এককালীন ভাবে পাঁচ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছিল ৷কিন্ত দুৰ্ভাগ্যৰ বিষয় আজি প্ৰায় চাৰি বছৰে পৰিয়ালটি চৰকাৰৰ পৰা এটা ফুটাকঢ়ি নাপালে ৷যোৱা ২০২০ চনৰ ডিচেম্বৰৰ বিটিচি নিৰ্বাচনৰ আগে আগে বিটিচি ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপক মৌৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আহি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে এই পৰিয়ালটিৰ থকাৰ বাবে দুই কঠা মাটি কিনি দি   ২৪× ১২ জোখৰ দুটা কোঠাৰ এটি গৃহ নিৰ্মাণৰ কাম হাতত লৈছিল যদিও আজি ১০ মাহ উকলি যোৱাৰ পিছতো অৰ্ধনিৰ্মিত হৈ পৰি আছে নিৰ্মীয়মান গৃহটি ৷উল্লেখযোগ্য যে ছহিদ দয়াল দাস পাণিকাৰ নামত অসম চৰকাৰে ছাত্ৰ বৃত্তি আঁচনিৰো প্ৰৱৰ্তন কৰিছে যদিও এই ছহিদ পৰিয়ালটিয়ে পাব লগীয়া চৰকাৰী সাসুবিধাৰ পৰা আজিও বঞ্চিত হৈ আছে ৷কাইলৈ ছহিদ দিৱস৷এই দিৱসত অন্য ছহিদ পৰিয়ালৰ লগতে এই ছহিদ পৰিয়ালটিকো ৰাজকীয় মঞ্চত সম্বৰ্ধনাৰে ওপচাই পেলাব ৷কিন্ত ইয়াৰ পৰা গৈ এমুঠি ভাতৰ বাবে ছহিদৰ নাতিনী বোৱাৰী মালতী পাণিকাই ঘৰে ঘৰে হাজিৰা কৰিব লাগিব ৷  অকৰ্মণ্য  সাংসদ,মন্ত্ৰী,৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক,বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য,এম চিএল এ আদি সকলে ইচ্ছাকৃত ভাবে বছৰ বছৰ  ধৰি চুড়ান্ত ভাবে অবহেলিত,প্ৰতাৰিত কৰি শ্বহীদ পৰিয়ালটোক  চৰকাৰী সা সুবিধা আদি প্ৰদান কৰাৰ পৰা  বছৰ বছৰ ধৰি বঞ্চিত,প্ৰতাৰিত,ঠগ,প্ৰবঞ্চনা  কৰি আহিছে ৷ ৷বৰং দিনক দিনে শ্বহীদ পৰিয়ালটো ধংসৰ পথত গতি কৰিবলৈ লৈছে ৷তৎস্বত্বেও    নিৰ্ষ্কমা,অপদাৰ্থ  মন্ত্ৰী,বিধায়ক আদি সকলে সম্প্ৰতি কুম্ভকৰ্ণৰ গভীৰ নাক বজাই শুই থকাটো এতিয়া  এতিয়া নিত্য মৈমত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷অকৰ্মণ্য,অপদাৰ্থ সাংসদ,মন্ত্ৰী,বিধায়ক,বিটিএডিৰ মুখ্য কাৰ্য্যবাহী সদস্য,কাৰ্য্যবাহী সদস্য আৰু এম চি এল এ আদি  চুড়ান্ত হেমাহি,অৰাজকতা বাবেই শ্বহীদ পৰিয়ালটো বঞ্চিত,প্ৰতাৰিত হৈ আহিছে বুলি ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে ৷

Leave A Reply