Breaking

ক’ভিড পৰিস্থিতিৰ মাজতে বঙাইগাঁৱতো শাৰদীয় দুৰ্গোৎসৱ উদযাপন

0 2,042

মহামাৰী ক’ভিড পৰিস্থিতিৰ মাজতেই ৰাজ্যজুৰি আজি ষষ্ঠীৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ বিগত বৰ্ষত ক’ভিডৰ বাবে শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠুপীয়াকৈ উদযাপিত হৈছিল যদিও এইবাৰ পৰিৱেশ কিছু উন্নত হোৱাত চাৰিওফালে পূজাৰ আয়োজন চলা পৰিলক্ষিত হৈছে ৷ অন্যান্য ঠাইৰ লগতে পশ্চিম অসমৰ বঙাইগাঁও চহৰতো দুৰ্গোৎসৱকলৈ এইবাৰ লোকৰ মাজত উছাহ পৰিলক্ষিত হৈছে ৷ পূজাৰ কাপোৰ কিনিবলৈ শ্বপিংমল আৰু দোকানে- পোহাৰে লোকে কিছু  ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে এইবেলি বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত বঙাইগাঁও চহৰৰ লগতে নিউ বঙাইগাঁও,  নৰ্থ বঙাইগাঁও, বিদ্যাপুৰ আদি বিভিন্ন এলেকাত মুঠ ৭৪ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ সেইদৰে বঙাইগাঁও চহৰৰ ঐতিহ্য মণ্ডিত বাঘেশ্বৰী মন্দিৰতো অনুষ্ঠিত হৈছে দুৰ্গা পূজা ৷ জমিদাৰী আমোলৰ পৰা চলি অহা এই পূজাত নাই কোনো জাক- জমকতা ৷ প্ৰাচীন ধৰ্মীয় পৰম্পৰাৰে চলি অহা এই বাঘেশ্বৰী মন্দিৰত পূজাৰ বাবে নাই কোনো প্ৰতিমাৰ ব্যৱস্থা ৷

কাৰণ বাঘেশ্বৰী মন্দিৰৰ মূল মাটিৰ বেদীৰ ওপৰত থকা সিংহাসনত প্ৰতিমাৰ সলনি সদা অধিষ্ঠিত হৈ আছে লোৰ এখন বলি কটা দা ৷ এই দাখনকে দিনৰ পিছত দিন ধৰি বাঘেশ্বৰী মন্দিৰত কৰি অহা হৈছে পূজা- অৰ্চনা ৷ এইয়াই হৈছে বাঘেশ্বৰী মন্দিৰৰ পৰম্পৰা ৷ আনহাতে মহা নৱমীৰ দিনা এইবাৰো ম’হ বলি দিয়া হ’ব বুলি জানিব পৰা গৈছে ৷ বাঘেশ্বৰী মন্দিৰত সপ্তমীৰ পৰা নৱমীলৈ চলিব পূজা-অৰ্চনা ৷ উল্লেখ্য যে পূজা উদযাপন কৰিবলৈ লোৱা হৈছে যদিও পূৰ্বৰ দৰে নাই বিশেষ জাক জমকতা ৷ নাই বিশেষ কাৰিকৰী চমক ৷ বেছিভাগ পূজা কমিটিয়ে সাধাৰণভাৱে পূজাৰ মণ্ডপ সাজি উলিয়াইছে ৷ অৱশ্যে তাৰ মাজতো কেইবাটাও পূজা মণ্ডপ কিছু ব্যতিক্ৰমভাৱে সাজি উলিওৱাত আকৰ্ষিত কৰিব পূজা দৰ্শনাৰ্থীক ৷ ইপিনে সন্ধিয়াৰ ভাগত পূজা বুলি ওলাই আহিল লোক ৷ পূজা কমিটিসমূহে চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰটক’ল মানি চলিব বুলি প্ৰকাশ কৰিছে ৷  

Leave A Reply