Breaking

‘পুষ্পা ২’ ছবিখনৰ ‘আইটেম গান’ত সামান্থাৰ সলনি দেখা যাব সীৰাট কাপুৰক! অনুৰাগীৰ প্ৰশ্ন সীৰাটে পাৰিব জানো সামান্থাৰ দৰে নৃ্ত্য কৰিব…

0 75

পুষ্পা ২ ছবিত কাম কৰাৰ সন্দৰ্ভত বহু কথা প্ৰকাশ কৰিছে টলিউডৰ অভিনেত্ৰী সীৰাট কাপুৰে। টলিউডৰ অভিনেত্ৰী সীৰাট কাপুৰ দক্ষিণৰ চলচ্চিত্ৰ জগতৰ এগৰাকী সুপৰিচিত তাৰকা। বৰ্তমান টলিউডৰ অভিনেত্ৰী সীৰাট কাপুৰ চৰ্চাত আছে। সীৰাট কাপুৰ চৰ্চাত অহাৰ কাৰণ আল্লু অৰ্জুন। কোৱা হৈছে যে চাউথৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ সৈতে অভিনেত্ৰী গৰাকীৰ সম্পৰ্ক অতি ভাল। এনে পৰিস্থিতিত সীৰাটে বন্ধু আল্লুৰ সৈতে ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰিছিল যিখন চৰ্চাৰ বিষয় হৈ পৰিছিল। চিৰাটে ছবিখন শ্বেয়াৰ কৰাৰ লগে লগে ইণ্টাৰনেটৰ জগতখনত বহু উৰাবাতৰি ওলাইছে। আল্লু অৰ্জুনৰ পুষ্পা ২ত আইটম গানত সামান্থাৰ সলনি সীৰাট কাপুৰক দেখা যাব পাৰে।

আনহাে সীৰাটে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি এই উৰাবাতৰি সম্পূৰ্ণৰূপে খাৰিজ কৰে। তেওঁ কয়, “শেহতীয়াকৈ পুষ্পা ২ৰ সৈতে মোৰ জড়িত হোৱাৰ খবৰ আহিছে, বিশেষকৈ এটা আইটেম গীতত। মই স্পষ্টকৈ ক’ব বিচাৰিছো যে এইটো কেৱল এটা উৰাবাতৰি। আনহাতে সত্যটো হ’ল শেহতীয়াকৈ মই মোৰ বন্ধু আল্লু অৰ্জুনক লগ পাইছিলো আৰু এই ছবিখন মাত্ৰ সেই সাক্ষাৎকাৰৰ আছিল।মই ছবিখনত কোনো আইটেম গানত অভিনয় কৰা নাই। ভুল তথ্য প্ৰচাৰ নকৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। আপোনালোকৰ মৰমৰ বাবে সকলোকে ধন্যবাদ।”

সীৰাটে দক্ষিণ উদ্যোগৰ বহু ছবিত কাম কৰিছে। উৎকৃষ্ট নৃত্যৰ বাবে পৰিচিত। তেওঁ ৰাণ ৰাজা ৰাণ, ৰাজু গৰী গড়ী ২ আৰু টাচ চীজী চুডু ছবিত কাম কৰিছে।

Leave A Reply