Breaking

শিল্পা শ্বেট্টীৰ জন্মৰ সময়ত মাতৃয়ে গৰ্ভাৱস্থাৰ সমস্যাৰ সন্মুখীন হৈছিল, চিকিৎসকে গৰ্ভপাতৰ পৰামৰ্শ দিছিল…

0 71

শিল্পা শ্বেট্টীৰ জন্মৰ সময়ত মাতৃয়ে গৰ্ভাৱস্থাৰ সমস্যাৰ সন্মুখীন হৈছিল, চিকিৎসকে গৰ্ভপাতৰ পৰামৰ্শ দিছিল। শেহতীয়াকৈ শিল্পা শ্বেট্টীয়ে জন্মৰ সময়ত মাতৃয়ে সন্মুখীন হোৱা গৰ্ভাৱস্থাৰ জটিলতাৰ বিষয়ে প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ মাতৃক গৰ্ভপাত কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।অভিনেত্ৰী শিল্পা শ্বেট্টী হৈছে বলীউডৰ ফিটনেছ কুইন। শেহতীয়াকৈ এক সাক্ষাৎকাৰত শিল্পাই কয় যে জন্মৰ সময়ত মাকৰ গৰ্ভাৱস্থাত বহু জটিলতা আছিল আৰু চিকিৎসকে গৰ্ভপাত কৰিবলৈ পৰামৰ্শ দিছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, “মোৰ মায়ে মোক কৈছিল যে যেতিয়া তেওঁ গৰ্ভৱতী আছিল, তেতিয়া মায়ে মোক হেৰুৱাব বুলি ভাবিছিল। চিকিৎসকে মাক গৰ্ভপাত কৰিবলৈ পৰামৰ্শ দিছিল।”

অতি সোনকালে শিল্পা শ্বেট্টীক দেখা যাব ‘সুখী’ত। সোণাল যোশীৰ পৰিচালিত এই ছবিখনত কুশ কপিলা আৰু চৈতন্য চৌধৰীয়েও অভিনয় কৰিব। অহা ২২ ছেপ্টেম্বৰত মুক্তি পাব ‘সুখী’। আপোনালোকক জনাও যে অভিনেত্ৰীগৰাকীৰ বিবাহ ৰাজ কুন্দ্ৰৰ সৈতে হৈছে আৰু তেওঁলোকৰ দুটা সন্তান আছে ভিয়ান আৰু সমীশা।



Leave A Reply