শ্ৰীৰামপুৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰা্ং বাৰ্মিজ, চেগুন সহ ট্ৰাক জব্দকৰে।এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শিমুলটাপু আৰক্ষীয়ে জব্দ কৰাত সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰা্ং চেগুন খিনি। শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটিদলে ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীৰাপুৰত অভিযান চলাই HR 73A 6769 বাৰ চকীয়া ট্ৰাক আটক কৰি তালাচী চলোৱাত ট্ৰাক খনৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ, চেগুন কাঠ উদ্ধাৰ কৰে।চালকে ধান আৰু তুহৰ বস্তাৰ তলত লুকুৱাই আনিছিল।পাছত আৰক্ষীয়ে ট্ৰাক খনৰ চালক ছহিদ খান আৰু মুক্তাক আটক কৰে।আটক কৰা চেগুন খিনিৰ বজাৰ মূল্য ৩৫ লাখ টকা হ’ব।

চালকৰ ঘৰ হাৰিয়ানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।চালক দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে শিমুলটাপু আৰক্ষীয়ে।

