Breaking

আমগুৰি বিধানসভা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বাইক ৰেলী

0 50

ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তিসাধন হোৱাৰ পিছত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভূক্ত হোৱা বিভিন্ন পঞ্চায়তত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাইকেৰে ভ্ৰমণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়।

বৰ্তমান শিৱসাগৰত সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ চাৰিং, হাফলুটিং আদি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ ৰাস্তা ঘাট, বিদ্যালয়, অঙ্গনবড়ী কেন্দ্ৰ, নামঘৰ আদিৰ অৱস্থাৰ বুজ লোৱাৰ লগতে উক্ত অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়।

প্ৰায় শতাধিক বাইকেৰে ৰাইজৰ দলৰ কাৰ্যকৰ্তাৰ সৈতে ভ্ৰমণ কালত স্থানীয় ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা দেখা যায়।

পদুলিয়ে পদুলিয়ে শিৱসাগৰৰ বিধায়কজনক গামোচা চেলেং চাদৰেৰে আদৰণী জনায়। সেইদৰে ৰাইজৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰি পৰৱৰ্তী সময়ত সামগ্ৰিক উন্নয়ন সাধনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে।

Leave A Reply