Breaking

অসমৰ নাট্য আন্দোলনত শিৱসাগৰৰ অৱদান ! অসম গ্ৰন্থমেলাত আলোচনা সত্ৰ…

0 87

ভাষা-সাহিত্য-সংস্কৃতিৰ অন্যতম পীঠস্থান শিৱসাগৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা পুথিপ্ৰেমীৰ সমাৱেশত আকৰ্ষণীয় হৈ উঠিছে ৷ গ্ৰন্থপ্ৰেমীৰ এনে ইতিবাচক সঁহাৰিয়ে আশাবাদী কৰি তুলিছে লেখক-প্ৰকাশক আৰু বিক্ৰেতা সকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহাসিক ব’ৰ্ডিং খেলপথাৰত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিৱসাগৰত প্ৰতিদিনে সাহিত্য-সংস্কৃতিৰ বিভিন্ন মনোজ্ঞ অনুষ্ঠানো আয়োজন কৰা হৈছে ৷ আজি বিয়লি ২ বজাত অনুষ্ঠিত হয় “অসমৰ নাট্য আন্দোলনত শিৱসাগৰৰ অৱদান” শীৰ্ষক আলোচনা সত্ৰ ৷ বিশিষ্ট নাট্যকাৰ-সাহিত্যিক ড° জগদীশ পাটগিৰিয়ে আলোচনা সত্ৰখন উদ্বোধন কৰি কয় যে অসমৰ নাট্য আন্দোলনলৈ শিৱসাগৰৰ অৱদান অপৰিসীম ৷ এই বিষয়কলৈ বিস্তৃত গৱেষণা হ’ব পাৰে ৷ কেৱল নাটক বুলিয়ে নহয় সামগ্ৰিকভাৱে পৰিৱেশ্য কলাৰ দিশত শিৱসাগৰৰ অৱদান অতুলনীয় ৷ অসমৰ আধুনিক নাট-চলচ্চিত্ৰ , গীতিসাহিত্যক শিৱসাগৰে নেতৃত্ব দিছিল ৷ ১৮৮৯ চনতে শিৱসাগৰত নাট্য সমাজৰ জন্ম হৈছিল ৷ সেই ধাৰা অব্যাহত ৰাখিব লাগিব তৰুণসকলে ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট নাট্যকৰ্মী-লেখক, সতি সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই ৷ তেওঁ কয়—“ নাট্য আন্দোলনৰ বিষয়কলৈ গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো বৰ ভাল লগা কথা৷ নাটক সদায়ে জনজীৱনৰ লগত জড়িত ৷ সেয়ে নাট্য সাহিত্যত জন-সমাজখন প্ৰতিফলিত হয় ৷ শিৱসাগৰৰ সত্ৰসমূহত প্ৰচীন কালৰে পৰা নাট-ভাওনা পৰিৱেশিত হৈ আহিছে ৷ আধুনিক কালচোৱাতো শিৱসাগৰৰ নাট্য ধাৰা অতি শক্তিশালী ৷ ১৯ শতিকাৰ মাজভাগৰ পৰা আজিৰ একৈশ শতিকালৈ শিৱসাগৰত যুগ সাপেক্ষ আৰু সামাজিক দায়ৱদ্ধতাপূৰ্ণ নাট্য ধাৰা অব্যাহত আছে ৷”

এইক্ষেত্ৰত তেওঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা-হেম বৰুৱাৰ পৰা সাম্প্ৰতিক সময়লৈ নাট্য আন্দোলনক তৰান্বিত কৰা নাট্যকাৰ-পৰিচালক, অভিনয় শিল্পীসকলৰ সাধনা আৰু ত্যাগৰ কথা দোহাৰে ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট নাট্যকৰ্মী,লেখক প্ৰশান্ত শইকীয়াই কয়—“নাট ৰচনা ,পৰিৱেশন আৰু অভিনয় কলা এই আটাইকেইটা দিশ সামৰি শিৱসাগৰৰ নাট্য ইতিহাস সমৃদ্ধ হৈ আছে ৷” তেওঁ এইক্ষেত্ৰত শিৱসাগৰ নাট্য সমাজকে প্ৰমুখ্য কৰি সেউজীয়া সমাজ, আমোলাপট্টি নাট্য সমাজ, ৰংপুৰ জ্যোতি সংঘ, শিৱসাগৰ যুৱদল, শিৱসাগৰ শিল্পী সমাজ, জাগৃতি, মিলিত শিল্পী সমাজ, জোনালী চ’ৰা, জোনাকী চ’ৰা, চিত্ৰলেখা কলা পৰিষদ, ৰংপুৰ মহিলা চ’ৰা, মেলাচকৰ নামঘৰ সমাজ, শ্ৰীশ্ৰী শংকৰদেৱ সমাজ, জ্যোতি সংঘ, নৱজাগৰণ সংঘ, পাঞ্চজন্য, পূৰ্বজ্যোতি ক্লাৱ, নাট্যপীঠ, নাটকথা, সংকল্প, কলঞ্চুপাৰ চিনে আৰ্ট ছ’চাইটি আদি নাট্যানুষ্ঠান সমূহৰ নাম উল্লেখ কৰে ৷

সমান্তৰালভাৱে ১৮৯৯ চনৰ পৰা বৰ্তমানলৈকে শিৱসাগৰৰ নাট্যক্ষেত্ৰক সমৃদ্ধিশালী কৰা বৰেণ্য ব্যক্তিসকলৰ বিষয়ে আলোচনাত উল্লেখ কৰে ৷ আন এগৰাকী আলোচক অতিথি, নাট্যকাৰ ডাঃ ৰিপুণ বৰপূজাৰীয়ে বিষয় প্ৰসংগত কয় যে শিৱসাগৰ বিভিন্ন ঐতিহ্যৰে পৰিপূৰ্ণ হৈ আছে ৷ ইয়াৰ নাট্য ঐতিহ্যও অতি উচ্চস্তৰৰ ৷ প্ৰাক্ স্বাধীনতাৰ কালৰে পৰা ইয়াত নব্য নাট্যধাৰাৰ বাট মুকলি হয় ৷ স্বাধীনতাৰ পৰৱৰ্তী কালতো ৫০ দশকৰ পৰা এতিয়ালৈ শিৱসাগৰৰ নাট্য আন্দোলনৰ ধাৰাটো অতি সজীৱ আৰু স্ৰোতস্বিনী হৈ আছে ৷ এই ধাৰাই অসমৰ নট্য ইতিহাসক সমৃদ্ধ কৰি ৰাখিছে ৷একেদৰে আলোচক অতিথি, নাট্যকাৰ নিৰোদ গোঁহাইৰ মতে—“ মহাপুৰুষ শংকৰদেৱৰ সময়ৰ পৰাই শিৱসাগৰত নাট্য ধাৰা অব্যাহত আছে ৷ ইয়াৰ পাছত মুকলি মঞ্চত বুৰঞ্জীমূলক নাটৰ প্ৰচলন আছিল ৷ পৰৱৰ্তী পৰ্যায়ত প্ৰচেনিয়াম থিয়েটাৰৰ ধাৰণাৰে বিশ্ব-নাট্য ধাৰাৰ বাটেৰে শিৱসাগৰেও বাট বুলিছে ৷ এই ধাৰা এতিয়াও অক্ষুণ্ণ আছে ৷” সন্ধিয়া ৫ বজাৰ পৰা প্ৰবোধ দাসৰ পৰিচিলনাত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷ ইয়াত যোগদান কৰে শিৱসাগৰৰ হোলি নেইম হায়াৰ ছেকেণ্ডাৰী স্কুল, আৰ্যভট্ট একাডেমী চিনিয়’ৰ ছেকেণ্ডাৰী স্কুল আৰু বেতবাৰীস্হিত শংকৰদেৱ শিশু নিকেতনে ৷

Leave A Reply