Breaking

তৃতীয় বাৰৰ বাৰে বিবাহপাশত আৱদ্ধ শ্বোৱেইব মালিক! এতিয়া পুত্ৰ ইজহানৰ যত্ন কোনে ল’ব…

0 42

শ্বোৱেইব মালিকৰ বিবাহঃ তৃতীয়বাৰৰ বাবে বিবাহ পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বোৱেইব মালিকৰ। তেওঁ তৃতীয়বাৰৰ বাবে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু এতিয়া তেওঁৰ পুত্ৰ ইজহানৰ কি হ’ব? এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ছানিয়া আৰু শ্বোয়েবৰ পুত্ৰ ইজহানৰ কি হ’ব, কোনে ডাঙৰ-দীঘল কৰিব। শ্বোয়াইব মালিকৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে যে শ্বোৱেইবে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাক বিবাহ বিচ্ছেদ কৰিছে আৰু দুয়োজনেই পাৰস্পৰিক সন্মতিৰে পৃথক হৈছে। শ্বোয়াইব মালিক আৰু ছানিয়া মিৰ্জাৰ পুত্ৰ ইজহান ডুবাইত থাকে। পিতৃ-মাতৃ দুয়ো মিলি পুত্ৰৰ খৰচ বহন কৰিব। ২০১৮ চনত ছানিয়া মিৰ্জা আৰু শ্বোয়াইব মালিক পিতৃ-মাতৃ হৈছিল।

শ্বোয়াইব মালিকৰ প্ৰথম পত্নীৰ নাম আছিল আয়েছা ছিদ্দিকী। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বোয়াইবে ছানিয়া মিৰ্জাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে ২০১০ চনত প্ৰথম পত্নী আয়েছাৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। এয়া শ্বোয়াইব মালিকৰ তৃতীয় বিবাহ, তেন্তে ছানা জাভেদো তেওঁৰ পিছত নাই। আনহাতে ছানা জাভেদে দ্বিতীয়বাৰৰ বাবে শ্বোৱেইব মালিকক বিয়া কৰাইছে। ইয়াৰ পূৰ্বে ২০২০ চনত ছানাই কন্ঠশিল্পী ওমৰ যছৱালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদ ঘটিল।


Leave A Reply