Breaking

নলবাৰীৰ বেলশৰত চুটিছবি ‘দাগ’ৰ শুভমহুৰত সম্পন্ন

0 2,047

নলবাৰী জিলাৰ আগশাৰীৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মৰ প্ৰযোজনাৰে “অসম টাইমে” নিবেদন কৰিবলগীয়া চুটিছবি “দাগ”ৰ কালি এক নান্দনিক ৰীতি নীতিৰে  শুভমহুৰত সম্পন্ন হৈ যায়। পশ্চিম নলবাৰীৰ ঐতিহ্যমন্ডিত বেলশৰ বিল্বেশ্বৰ দেবালয়ত  সম্পন্ন হোৱা শুভ মহুৰত অনুষ্ঠানৰ  বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে নাট্যকাৰ প্ৰশান্ত মেনা,নাট্যকৰ্মী ৰন্তু শৰ্মা আৰু বেলশৰ জিলা পৰিষদৰ সদস্যা ৰীতামনি ডেকাই। বিল্লেশ্বৰ দেৱালয় প্ৰাংগনত  অনুষ্ঠিত হোৱা শুভমহুৰত কাৰ্যসূচীত নাৰিকল ভাগি উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুবজ্যোতি শৰ্মাই। কেমেৰাত মাল্যাৰ্পণ কৰে পশ্চিম নলবাৰী শিক্ষা বিষয়া সমীন বৈশ্যই। চুটিছবি দাগৰ কভাৰ ডিজাইন উন্মোচন কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবৰ ৰহমান আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠকে। সতীশ দাসৰ কাহিনী,চিত্ৰ নাট্য আৰু সংলাপ আৰু কিশোৰ চক্ৰবৰ্তীৰ পৰিচালনাৰে নিৰ্মাণ হবলগীয়া দাগৰ শুভমহুৰত অনুষ্ঠানত নিবন্ধকাৰ,নাট্যকাৰ হিতেশ ডেকা, নৰেন ৰাজবংশী,ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাগৰাকী বিশিষ্ট  ব্যক্তি উপস্থিত থাকে। প্ৰজন্ম আৰু অসম টাইমৰ হৈ চুটিছবি দাগৰ পাণ্ডুলিপি পৰিচালকৰ হাতত অৰ্পন কৰে বিশিষ্ট নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচাৰ্যই। চুটিছবিখনৰ সহ পৰিচালক দিগন্ত ভৰালীয়ে আতধৰা অনুষ্ঠানত  আদৰণি ভাষন ৰাখে নাট্যকাৰ সতীশ দাসে।  ছবিখনত অভিনয় কৰিব ৰঞ্জিত মিশ্ৰ,নবৰত্ন পাটোৱাৰী,ৰীমা ডেকা,মৌচুমী কাশ্যপ,পম্পী দেবী,কিশোৰ চক্ৰবৰ্তী,সুনয়ন শৰ্মা,পাকিউৰ ৰহমান,ৰাফেল চৌধুৰী,হিতেশ শৰ্মা,দিগন্ত ভৰালীশিশুশিল্পী—আকিল হাছিয়ে। ছবিখনৰ ব্যবস্থাপক জুলু মহন্ত,নিতু তালুকদাৰ  আৰু দ্বিৰূপ তালুকদাৰ।

Leave A Reply