Breaking

শ্বিলঙত সম্পন্ন হ’ল শ্ৰী শ্ৰী বাবা গণিনাথৰ চেনুৰী পুজন উৎসৱ

0 53

শ্ৰী শ্ৰী বাবা গণিনাথৰ চেনুৰী পুজন উৎসৱৰ অনুষ্ঠানটো শ্বিলং মেট্ৰ’পলিটানত মাধেচিয়া বৈশ্যৰ দ্বাৰা অতি উৎসাহেৰে উদযাপন কৰে৷ শ্বিলং মহানগৰৰ অধ্য়ক্ষ প্ৰাণনাথ শ্বাহ,মহাসচিব গৌৰী শংকৰ শ্বাহৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়৷

এই কাৰ্যসূচী খুছবু গুপ্তা, অঞ্জু দেৱী, মঞ্জু দেৱী, প্ৰতিমা গুপ্তা আৰু ৰজনী দেৱীয়ে সকলো নীতি নিয়মৰ মজেৰে সম্পন্ন কৰে।

এই অনুষ্ঠানত মাধেচিয়া সমাজেও পূজা আৰু ভাণ্ডাৰাৰ আয়োজন কৰে, য’ত প্ৰতিজন ভক্তই উৎসাহেৰে অংশগ্ৰহণ কৰে৷ এই পূজা প্ৰথমবাৰৰ বাবে শ্বিলং চহৰত আয়োজন কৰা হয় ৷ ইয়াৰ সকলো সদস্যই সফলতাৰে বাবা গণিনাথৰ এই মহা পুজন পৰিৱেশন কৰে আৰু অনুষ্ঠানটো সফলতাৰে সম্পন্ন কৰা হয়৷ প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই উৎসৱৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে মধেশিয়া সমাজে সকলো ৰাইজ তথা প্ৰাণনাথ সাহ, সাধাৰণ সম্পাদক গৌৰী শংকৰ শ্বাহ, ৰাম নৰেশ শ্বাহ, শনি শ্বাহ, ৰাজ কিৰণ গুপ্তা, মনোজ শ্বাহক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply